ETV Bharat / sports

বিশ্বকাপত আজি দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ

author img

By

Published : Jun 10, 2019, 7:08 AM IST

চাউথাম্পটনৰ ৰ’জ বল ষ্টেডিয়ামত বিশ্বকাপৰ 15 সংখ্যক মেচত প্ৰ’টিয়াছ বাহনীৰ মুখামুখি হ’ব কেৰেবিয়ান দল ৷

বিশ্বকাপত আজি দক্ষিণ আফ্ৰিকা বনাম ৱেষ্ট ইণ্ডিজ

স্পৰ্টছ ডেস্ক, 10 জুনঃ চাউথাম্পটনৰ ৰ’জ বল ষ্টেডিয়ামত 2019 বিশ্বকাপৰ প্ৰথমটো জয়ৰ লক্ষ্যৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি যুঁজত নামিব দক্ষিণ আফ্ৰিকা ৷ দলটোৱে ইয়াৰ পূৰ্বে ভাৰত, বাংলাদেশ আৰু ইংলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ৷ ইয়াৰ বিপৰীতে বিশ্বকাপৰ দুখন মেচৰ এখনত জয় আৰু এখনত পৰাজয়ৰ সন্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ ৷

দুয়োটা দলে ইয়াৰ পূৰ্বে বিশ্বকাপত 6 বাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত 4 বাৰ দক্ষিণ আফ্ৰিকাই আৰু 2 বাৰ ৱেষ্ট ইণ্ডিজে জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে এদিনীয়া ক্ৰিকেটত দুয়োটা দলে 61 বাৰৰ বাবে মুখামুখি হৈছে ৷ ইয়াৰে 44 বাৰ দক্ষিণ আফ্ৰিকাই জয় লাভ কৰাৰ বিপৰীতে 15 খন মেচত হে জয়ৰ সোৱাদ লাভ কৰিছে ৱেষ্ট ইণ্ডিজ দলটোৱে ৷ আনহাতে 2 খন অমীমাংসিত হৈ ৰয় ৷

গতিকে আজিৰ মেচখনত পূৰ্বৰ পৰিসংখ্যাৰ তুলনাত দক্ষিণ আফ্ৰিকা শক্তিশালী হ’লেও ধাৰাবাহিক তিনিখন মেচত পৰাজয়ৰ মানসিক হেঁচা বহু পৰিমাণে থাকিব ফেব ডু প্লেছি বাহিনীৰ ওপৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.