নিউজ ডেস্ক, ২৮ জুন : শুকুৰবাৰে বিশ্বকাপৰ এখন মেচত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজক ১২৫ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । এই জয় সাব্যস্ত কৰাৰ পাছতো ভাৰতীয় দলৰ বেটিঙক লৈ আকৌ এবাৰ প্ৰশ্নচিহ্ন উত্থাপন হৈছে । 'মেন অৱ দা মেচ'ৰ সন্মান লাভ কৰা অধিনায়ক কোহলীয়ে মন্তব্য কৰে যে, বেটিং কৰাৰ সময়ত দলৰ খেলুৱৈ সকলে মেচৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা উচিত । উল্লেখ্য যে, কোহলীয়ে ৭২ ৰাণ সংগ্ৰহ কৰা উপৰি মহেন্দ্ৰ সিং ধোনীয়ে অপৰাজিতভাৱে ৫৬ ৰাণ সংগ্ৰহ কৰে ।
কোহলীয়ে সতীৰ্থ তথা প্ৰাক্তন অধিনায়ক ধোনী সম্পৰ্কত মন্তব্য কৰে যে, তেওঁ এজন কিংবদন্তি হয় আৰু খেলপথাৰত কেনেদৰে নামিব লাগে সেই বিষয়ে তেওঁ জ্ঞাত । ধোনীৰ বেয়া দিন আহিলে সকলোৱে সমালোচনা কৰিবলৈ আৰম্ভ কৰে কিন্তু কোহলীয়ে সদায় ধোনীৰ সমৰ্থন আগবঢ়োৱা বুলি জানিবলৈ দিয়ে । তাৰোপৰি, ধোনীৰ প্ৰশংসাত তেওঁ কয় যে, শেষৰ সময়ত ১৫ - ২০ ৰাণৰ প্ৰয়োজন হ'লে সেই ৰাণ তেওঁ সহজে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । তেওঁৰ অভিজ্ঞতাবোৰে ১০ বাৰৰ ভিতৰত ৮ বাৰেই দলৰ হিত সাধন কৰে বুলি কোহলীয়ে দাবী কৰে ।