নিউজ ডেস্ক, ১৫ জুন : ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শনিবাৰে দা অ'ভেলত যুঁজত নামিব শ্ৰীলংকা দল। অষ্ট্ৰেলিয়া দলে ইয়াৰ পূৰ্বৰ দুখন মেচত ভাৰতৰ হাতত ৩৬ ৰাণত পৰাস্ত হোৱাৰ উপৰি পাকিস্তানক ৪১ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে,অষ্ট্ৰেলিয়া দল বৰ্তমান পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে।
দা অ'ভেলত শ্ৰীলংকাৰ বিৰুদ্ধে অষ্ট্ৰেলিয়া অন্যহাতে,বিশ্বকাপত শ্ৰীলংকা দলৰ আৰম্ভণী ইমান সুখকৰ নোহোৱাৰ লগতে দলটোৰ শেষৰ দুখন মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয় । চাৰিখন মেচৰ ভিতৰত দলটোৱে কেৱল আফগানিস্তানৰ বিৰুদ্ধেহে জয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে পইন্ট তালিকাৰ পঞ্চম স্থানত বৰ্তি ৰৈছে ।