ETV Bharat / sports

আই পি এলেই কাল হ'ল দক্ষিণ আফ্ৰিকাৰ !

author img

By

Published : Jun 24, 2019, 3:17 PM IST

Updated : Jun 24, 2019, 3:33 PM IST

আই পি এলত কাগিছ' ৰাবাডাই অংশগ্ৰহণ কৰাৰ বাবেই বিশ্বকাপত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হ'ল বুলি মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফাফ ডু প্লেছিয়ে ৷

ফাফ ডু প্লেছি

স্পৰ্টছ ডেস্ক,24 জুন : বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচা পানী পৰাৰ পাছতে আই পি এলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফাফ ডু প্লেছিয়ে ৷ দেওবাৰৰ মেচত পাকিস্তানৰ হাতত পৰাস্ত হোৱাত বিশ্বকাপ জয়ৰ সপোন চুৰমাৰ হোৱাৰ পাছতে হৃদয়বিদাৰক মন্তব্য কৰে অধিনায়ক গৰাকীয়ে ৷ প্লেছিয়ে মন্তব্য কৰা অনুসৰি,তেওঁ আৰু দলৰ মেনেজমেন্টে আঘাতৰ আশংকা কৰি বলাৰ কাগিছ' ৰাবাডাক আই পি এল খেলাৰ পৰা দূৰত ৰাখিব বিচাৰিছিল ৷

ETV BHARAT ASSAM
ফাফ ডু প্লেছি

বিশ্বকাপৰ এখনো মেচত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নোহোৱা ৰাবাডাই পাকিস্তানৰ বিৰুদ্ধে এটাও উইকেট দখল নকৰাকৈ 10 অ'ভাৰত 65 ৰাণ খৰছ কৰিছিল ৷ ৰাবাডাৰ দুৰ্বল বলিঙক এই পৰাজয়ৰ বাবে দোষাৰোপ কৰে প্লেছিয়ে ৷ উল্লেখ্য যে,24 বৰ্ষীয় ৰাবাডাক দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডে আই পি এলৰ মাজভাগতে নিজ দেশলৈ ঘূৰাই অনাৰ চেষ্টা চলাইছিল যদিও এই প্ৰস্তাৱত ৰাবাডাই অসন্মতি জনাইছিল ৷ কিন্তু টুৰ্ণামেন্টৰ মাজতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ব'ৰ্ডে উভটাই আনিছিল ৷ দিল্লী কেপিটেলছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰা ৰাবাডাই 12 খনকৈ মেচত 25 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷

ETV BHARAT ASSAM
কাগিছ' ৰাবাডা

PLESSIS HOLDS IPL RESPONSIBLE FOR SA'S EARLY EXIT

আই পি এলেই কাল হ'ল দক্ষিণ আফ্ৰিকাৰ !

স্পৰ্টছ ডেস্ক, 24 জুন : বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশাত চেঁচা পানী পৰাৰ পাছতে আই পি এলক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ফাফ ডু প্লেছিয়ে ৷ দেওবাৰৰ মেচত পাকিস্তানৰ হাতত পৰাস্ত হোৱাত বিশ্বকাপ জয়ৰ সপোন চুৰমাৰ হোৱাৰ পাছতে হৃদয়বিদাৰক মন্তব্য কৰে অধিনায়ক গৰাকীয়ে ৷ প্লেছিয়ে মন্তব্য কৰা অনুসৰি, তেওঁ আৰু দলৰ মেনেজমেন্টে আঘাতৰ আশংকা কৰি বলাৰ কাগিছ' ৰাবাডাক আই পি এল খেলাৰ পৰা দূৰত ৰাখিব বিচাৰিছিল ৷

বিশ্বকাপৰ এখনো মেচত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নোহোৱা ৰাবাডাই পাকিস্তানৰ বিৰুদ্ধে এটাও উইকেট দখল নকৰাকৈ 10 অ'ভাৰত 65 ৰাণ খৰছ কৰিছিল ৷ ৰাবাডাৰ দূৰ্বল বলিঙক এই পৰাজয়ৰ বাবে দোষাৰোপ কৰে প্লেছিয়ে ৷ উল্লেখ্য যে, 24 বৰ্ষীয় ৰাবাডাক দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব'ৰ্ডে আই পি এলৰ মাজভাগতে নিজ দেশলৈ ঘূৰাই অনাৰ চেষ্টা চলাইছিল যদিও এই প্ৰস্তাৱত ৰাবাডাই অসন্মতি জনাইছিল ৷ কিন্তু টুৰ্ণামেন্টৰ মাজতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ব'ৰ্ডে উভটাই আনিছিল ৷ দিল্লী কেপিটেলছৰ হৈ আই পি এলত অংশগ্ৰহণ কৰা ৰাবাডাই 12 খনকৈ মেচত 25 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷  
Last Updated : Jun 24, 2019, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.