ETV Bharat / sports

সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ পংকজ সিঙৰ

দুখন টেষ্ট আৰু এখন এদিনীয়া খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা ৩৬ বছৰীয়া সোঁহতীয়া পেচাৰ পংকজ সিঙৰ অৱসৰৰ ঘোষণা । এই বছৰৰ চৈয়দ মুস্তাক আলী ট্ৰফী (Syed Mushtaq Ali Trophy) আৰু বিজয় হাজাৰে ট্ৰফী (Vijay Hazare Trophy) আছিল তেওঁৰ অন্তিম টুৰ্নামেন্ট ।

author img

By

Published : Jul 11, 2021, 1:36 PM IST

Pankaj Singh retires
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ পংকজ সিঙৰ

স্পৰ্টছ ডেস্ক, 11 জুলাই : সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰে ৰাজস্থানৰ পেচাৰ তথা ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ পংকজ সিঙে (Pankaj Singh) । দুখন টেষ্ট আৰু এখন এদিনীয়া খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা ৩৬ বছৰীয়া খেলুৱৈগৰাকীয়ে ৰাজস্থান ক্ৰিকেট এছ'চিয়েশ্যনলৈ (RCA) প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে । এক বিবৃতিযোগে অৱসৰৰ কথা ঘোষণা কৰি আবেগিক হৈ পৰে খেলুৱৈগৰাকী ।

তেওঁ উল্লেখ কৰা মতে এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে সহজ নাছিল । কিন্তু প্ৰতিগৰাকী খেলুৱৈৰে জীৱনত যিহেতু এই দিনটো আহে সেয়ে তেওঁ এই সিদ্ধান্ত লয় । সিঙে লগতে বিবৃতিটোত এই দিনটো তেওঁৰ বাবে অতি কঠিন দিন হিচাপে অভিহিত কৰে ।

আৰচিএ (RCA), বিচিচিআই (BCCI), আই পি এল(IPL) আৰু চিএপি (CAP)ৰ হৈ খেলাটো তেওঁৰ বাবে পৰম সৌভাগ্য আছিল বুলিও খেলুৱৈ গৰাকীয়ে উল্লেখ কৰে ।

ইফালে ৰাজস্থান ক্ৰিকেট এছ'চিয়েশ্যনৰ হৈ ১৫ বছৰ খেলি বহু ভাল মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এই সময়চোৱা তেওঁৰ বাবে স্মৰণীয় হৈ ৰ'ব । সোঁহাতীয়া পেচাৰজনে ২০১৮ চনত পণ্ডিচেৰীলৈ যোৱাৰ পূৰ্বে প্ৰায় এক দশক ধৰি ৰাজস্থানক প্ৰতিনিধিত্ব কৰিছিল । এবছৰ পিছত তেওঁ পুনৰ ৰাজস্থানৰ হৈ খেলিবলৈ উভতি আহে আৰু এই বছৰৰ চৈয়দ মুস্তাক আলী ট্ৰফী (Syed Mushtaq Ali Trophy) আৰু বিজয় হাজাৰে ট্ৰফী (Vijay Hazare Trophy) আছিল তেওঁৰ অন্তিম টুৰ্নামেন্ট ।

১১৭ খন প্ৰথম শ্ৰেণীৰ মেচত সিঙে ৪৭২ টা উইকেট দখল কৰে । ইয়াৰ ভিতৰত ২৮ খন খেলত পাঁচটা উইকেট দখল কৰিছে পেচাৰ জনে । ৫৭ খন টি-২০ মেচত তেওঁ ৪৩ টা উইকেট দখল কৰিছিল । তেওঁ ২০১০-১১ আৰু ২০১১-১২ বৰ্ষত ৰাজস্থানৰ ৰঞ্জী ট্ৰফী (Ranji Trophy) খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

২০১০ চনত জিম্বাবোৱেত অনুষ্ঠিত ত্ৰিদেশীয় শৃংখলাত শ্ৰীলংকাৰ বিৰুদ্ধে সিঙে প্ৰথম এদিনীয়া খেলিছিল । ২০১৪ চনত তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট খেলিছিল য'ত দুটা উইকেট ল'বলৈ সক্ষম হৈছিল ।ইফালে খেলুৱৈ গৰাকীৰ অৱসৰৰ সিদ্ধান্তৰ পিছতে তেওঁৰ একাংশ অনুৰাগী হতাশ হোৱাও দেখা গৈছে ।

লগতে পঢ়ক:অলিম্পিকত প্ৰতিনিধিত্ব কৰিবলগীয়া দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.