ETV Bharat / sports

ICC-ৰ মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত মিথালী ৰাজ - ঝুলন গোস্বামী

২২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্টমবাৰৰ বাবে আইচিচি (ICC) মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত অৱতীৰ্ণ মিথালী ৰাজ । ২০০৫ চনৰ এপ্ৰিল মাহত পটচেফষ্ট্ৰুমত অনুষ্ঠিত আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৯১ ৰাণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ শীৰ্ষ স্থানত উপনীত হৈছিল ।

Mithali Raj grabs top spot
ICC মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত মিথালী ৰাজ
author img

By

Published : Jul 6, 2021, 8:28 PM IST

স্পৰ্টছ ডেস্ক, ৬ জুলাই : মহিলা ক্ৰিকেটত ভাৰতৰ মিথালী ৰাজৰ (Mithali Raj) চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে । ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলা শেষ হোৱাৰ পিছতে পুনৰ আইচিচিৰ মহিলা এদিনীয়া খেলুৱৈ তালিকাৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হ'ল মিথালী ৰাজ । ইয়াৰ লগে লগে ২২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত অষ্টমবাৰৰ বাবে আইচিচি (ICC) মহিলা এদিনীয়া খেলুৱৈ ৰেংকিঙৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হোৱা খেলুৱৈ হিচাপে নিজৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰিলে মিথালী ৰাজে ।

৩৮ বছৰীয়া খেলুৱৈ গৰাকীয়ে ইলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৭৫ ৰাণৰ সৈতে শৃংখলাৰ অন্তিমখন খেলত ভাৰতক চাৰি উইকেটত বিজয় সাব্যস্ত কৰায় ৷ লগে লগে ৰেংকিঙৰ ৪ নম্বৰ স্থানৰ পৰা শীৰ্ষ স্থানলৈ যাবলৈ সক্ষম হয় খেলুৱৈ গৰাকী । মিথালী ৰাজে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলা আৰম্ভ কৰাৰ সময়ত তালিকাৰ অষ্টম স্থানত আছিল । কিন্তু তেওঁ এই শৃংখলাত মুঠ ২০৬ ৰাণেৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে চিহ্ণিত হোৱাৰ লগতে মহিলা এদিনীয়া খেলুৱৈৰ তালিকাৰ শীৰ্ষ স্থানত অৱতীৰ্ণ হ'বলৈ সক্ষম হয় । তেওঁ শেষবাৰৰ বাবে ২০১৮ চনৰ ফেব্ৰুৱাৰীত শীৰ্ষ স্থান দখল কৰিছিল ।

২০০৫ চনৰ এপ্ৰিল মাহত পটচেফষ্ট্ৰুমত অনুষ্ঠিত আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে অপৰাজিত ৯১ ৰাণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ এক নম্বৰ স্থানত উপনীত হৈছিল ।

ইংলেণ্ডৰ জেনেট ব্ৰিটিন (Janette Brittin) ১৯৮৪ চনত প্ৰথমবাৰৰ বাবে আৰু ১৯৯৫ চনত অন্তিমবাৰৰ বাবে শীৰ্ষ স্থানত আছিল ৷ নিউজিলেণ্ডৰ ডেবি হকলী (Debbie Hockley) হৈছে একমাত্ৰ মহিলা বেটচমেন যি ১০ বছৰলৈকে একেৰাহে সৰ্বাধিক বাৰ শীৰ্ষ স্থানত আছিল । প্ৰথমে ১৯৮৭ চনত আৰু ১৯৯৭ চনত অন্তিমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল ডেবি হকলীয়ে ।

ভাৰতৰ অন্যান্য খেলুৱৈসকলৰ ভিতৰত শৃংখলাটোৰ অন্তিম দুখন এদিনীয়াত অপেনাৰ শ্বেফালী বাৰ্মাই ৪৪ আৰু ১৯ ৰাণৰ সৈতে ৭১ নম্বৰ স্থানত উপনীত হৈছে ৷ আনহাতে ঝুলন গোস্বামী (Jhulan Goswami) ৫৩ স্থানত আছে । বলাৰৰ তালিকাত, অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই (Deepti Sharma) চূড়ান্ত মেচখনত ৪৭ ৰাণত তিনিটা উইকেটৰ সৈতে তালিকাৰ ১২ নম্বৰ স্থানলৈ আগবাঢ়িছে ।

ইংলেণ্ডৰ অপেনাৰ লৰেন ৱিনফিল্ড-হিলে ৪২ আৰু ৩৬ ৰাণৰ সৈতে ৪১ নম্বৰ স্থানত উপনীত হৈছে ৷ চফিয়া ডাংকলীয়ে ৭৩ ৰাণত নট আউট আৰু ২৮ ৰাণ কৰাৰ পিছত ৭৬ নম্বৰ স্থানত উপনীত হৈছে । বাওঁহতীয়া স্পিনাৰ ছফি এক্লিষ্টেনে নিজৰ শক্তি প্ৰদৰ্শন অব্যাহত ৰাখি ৩৩ ৰাণত তিনিটা আৰু ৩৬ ৰাণত দুটা উইকেট লাভ কৰাৰ পিছত বলাৰ সকলৰ মাজত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ষষ্ঠ স্থানত উপনীত হৈছে ।

শৃংখলাটোৰ দ্বিতীয় খন খেলত কেট ক্ৰছে ৩৪ ৰাণত পাঁচটা উইকেট দখল কৰি ১৮ নম্বৰ স্থানলৈ অগ্ৰগতি লাভ কৰিছে । নাট চাইভাৰ আৰু ছাৰাহ গ্লেন দুয়োৱে ক্ৰমান্বয়ে ২২ তম আৰু ৪৩ তম স্থানত উপনীত হৈছে ।

আইচিচি মহিলা টি-২০ খেলুৱৈৰ ৰেংকিঙত পাকিস্তানৰ স্পিনাৰ নিদা দাৰে ১০০টা উইকেটেৰে প্ৰথম স্থান লাভ কৰিছে । ৱেষ্ট ইণ্ডিজৰ হৈ ছামিলিয়া কৰ্ণেলে ২৭ তম স্থানলৈ উৰ্ধগামী হৈছে । অধিনায়ক ষ্টাফানি টেইলৰে হেট্ৰিক কৰাৰ পিছত আৰু যোৱা মেচখনত ১৭ ৰাণত চাৰিটা উইকেট দখল কৰি ১০ টা স্থান আগবাঢ়ি ৪২ নম্বৰ স্থানত উপনীত হৈছে ।

লগতে পঢ়ক :টকিঅ' অলিম্পিকৰ বাবে 26 জনীয়া ভাৰতীয় দল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.