নিউজ ডেস্ক,২৬ জুন : বিশ্বকাপ ক্ৰিকেট,২০১৯ৰ সৰ্বাধিক উইকেট দখলকাৰীৰ স্থান দখল কৰিছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিটছেল ষ্টাৰ্কে। মঙলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচত ষ্টাৰ্কে ৪ টাকৈ উইকেট দখল কৰাৰ পাছতে তেওঁ এই কৃতিত্বৰ অধিকাৰী হয়। ল'ৰ্ডছত অনুষ্ঠিত মেচত ষ্টাৰ্কে জ' ৰুট,ইয়ন মৰ্গান,বেন ষ্টোকছ আৰু আদিল ৰছিদৰ উইকেট ল'বলৈ সক্ষম হৈছিল। ৪৩ ৰাণ খৰচ কৰি ষ্টাৰ্কে প্ৰতিযোগিতা খনত বৰ্তমানলৈকে ১৯ টাকৈ উইকেট দখল কৰিছে।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3670155_1.jpg)
উল্লেখ্য যে,ষ্টাৰ্কে ইংলেণ্ডৰ বলাৰ জোফ্ৰা আৰ্চাৰক স্থানচ্যুত কৰি এই কৃতিত্বৰ অধিকাৰী হয়। বুধবাৰে অনুষ্ঠিত মেচত অষ্ট্ৰেলিয়া দলে ৬৪ ৰাণত জয়ী হ'বলৈ সক্ষম হয়।