ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বিধ্বংসী বলিং - KULDEEP

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আজি চাউথাম্পটনত অনুষ্ঠিত হৈছে বিশ্বকাপৰ এক হাই ভল্টেজ মেচ । ১০০ ৰানৰ পূৰ্বেই ৫ টা উইকেটৰ পতন দক্ষিণ আফ্ৰিকাৰ ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বিধ্বংসী বলিং
author img

By

Published : Jun 5, 2019, 5:53 PM IST

স্পৰ্টছ ডেস্ক, ৫ জুনঃ চাউথাম্পটনত ভাৰতীয় বলিং যাদুকৰী প্ৰদৰ্শন । ২৪ অভাৰৰ ভিতৰতেই দক্ষিণ আফ্ৰিকাই হেৰুৱালে নিজৰ বহুমূলীয়া ৫ টা উইকেট । ভাৰতৰ হৈ জছপ্ৰীত বোমৰাহই ভাৰতক প্ৰথম দুটা সফলতা দিয়াৰ পাচতেই যুজৱেন্দ্ৰ চাহাল আৰু কুলদ্বীপ যাদৱৰ যুটিয়ে দিলে আন তিনিটাকৈ সফলতা ।

ETV
পাঁচটা উইকেটৰ পতন দক্ষিণ আফ্ৰিকাৰ

বোমৰাহৰ বিধ্বংসী বলিঙৰ আগত তচনচ হৈ অভিজ্ঞ খেলুৱৈ হাছিম আমলা (৬) আৰু কুইণ্টন ডি কক (১০) । আনহাতে যুজৱেন্দ্ৰ চাহালৰ জালত পৰে অধিনায়ক ফেব ডু প্লেছি (৩৮) আৰু ৰাছি ভান ডেৰ ডাছছেন (২২) । দুয়োকে বল্ড আউট কৰিবলৈ সক্ষম হয় চাহালে । আনহাতে জেপি ডুমুনীৰ উইকেট লাভ কৰে কুলদ্বীপ যাদৱে । ভাৰতৰ ২০১৯ বিশ্বকাপৰ এইখন হৈছে প্ৰথমখন মেচ । শেহতীয়া খবৰ অনুসৰি দক্ষিণ আফ্ৰিকাই ৩২ অভাৰৰ অন্তত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১২৪ ৰান ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.