ETV Bharat / sports

টছত জয় লাভ ভাৰতৰ, প্ৰথমে বেটিং কৰি এক উইকেটৰ পতন ভাৰতৰ

দ্য ৰ’জ বল, ছাউথাম্পটনত বিশ্বকাপৰ 28 সংখ্যক মেচত আজি অৱতীৰ্ণ হৈছে বিশ্ব ক্ৰিকেটৰ এক অন্যতম শক্তিশালী দল ভাৰত ৷ ভাৰতৰ সন্মুখ সমৰত নামিছে আফগানিস্তান ৷ টছত জয়ী হৈ প্ৰথমে বেটিংৰ সিদ্ধান্ত ভাৰতৰ ৷

author img

By

Published : Jun 22, 2019, 3:41 PM IST

টছত জয় লাভ ভাৰতৰ, প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত

স্পৰ্টছ ডেস্ক, 22 জুনঃ আই চি চিৰ ক্ৰিকেট বিশ্বকাপত আজি আফগানিস্তানৰ মুখামুখি হৈছে ভাৰত ৷ টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত কৰিছিল বিৰাটে ৷ বেটিং কৰিবলৈ আহি ভাৰতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱায় ৷ 1 ৰান কৰি মুজিবৰৰ বলত আউট হৈ পেভিলিয়নমুখী হয় ৰোহিত ৷ আঘাতপ্ৰাপ্ত ভূৱনেশ্বৰ কুমাৰৰ ঠাইত অন্তিম একাদশত স্থান দিয়া হৈছে মহম্মদ শ্বামীক ৷ অৱশ্যে ঋষভ পন্তে স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

ETV

বিশ্বকাপৰ টুৰ্ণামেণ্টত বৰ্তমানলৈকে ভাৰতীয় দলটো অপ্ৰতিৰোধ্য ৷ ভাৰতীয় দলটোৱে নিজৰ 4 খন মেচৰ 3 খনত জয় লাভ কৰি 7 পইণ্টৰে পইণ্টছ টেবুলৰ চতুৰ্থ স্থানত অধিষ্ঠিত হৈ আছে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বৰষুণৰ বাবে এখন মেচ বাতিল হৈছিল ভাৰতৰ ৷ দুয়োটা দলৰ মাজত ভাগ কৰা হৈছিল এক-এক পইণ্ট ৷ ইপিনে আফগানিস্তান দলটোৱে বৰ্তমানলৈকে এই বিশ্বকাপত জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ দলটোৱে নিজৰ 5 খন মেচৰ 5 খনতেই পৰাজয়ৰ সন্মুখীন হৈছে ৷

ETV BHARAT
অন্তিম একাদশত মহম্মদ শ্বামী

ভাৰতীয় দলটোৰ দৃষ্টি ভংগীৰে আজিৰ মেচখন অধিক প্ৰত্যাহ্বানমূলক নহ’ব ৷ অৱশ্যে ক্ৰিকেট হৈছে অনিশ্চিয়তাৰ খেল, গতিকে বিৰাট বাহিনীয়েও সাৱধান থাকিব লাগিব বিশ্বৰ আগশাৰীৰ স্পীনাৰ ৰাছিদ খানৰ বিৰুদ্ধে ৷ লগতে মহম্মদ নাবীয়ো ভাৰতীয় দলটোৰ জয়ৰ সন্মুখত হৈ পৰিব পাৰে বাধা ৷ গতিকে আজিৰ মেচখনত জয় লাভ কৰি ছেমিফাইনেলৰ স্থান অধিক সুদৃঢ় কৰাৰ লক্ষ্য হ’ব বিৰাট বাহিনীৰ বাবে প্ৰথম কাম ৷

etv
ভাৰত বনাম আফগানিস্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.