স্পৰ্টছ ডেস্ক, ১৫ জুন : বিশ্বকাপ ক্ৰিকেটৰ বহু প্ৰতিক্ষীত ভাৰত - পাকিস্তান মেচৰ বাবে সাজু হৈছে ক্ৰীড়াপ্ৰেমী । এক ৰোমাঞ্চকৰ মেচৰ সাক্ষী হোৱাৰ লক্ষ্যৰে ক্ৰীড়াপ্ৰেমীৰ উৎকন্ঠাৰ অন্ত নাইকিয়া হৈছে । বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে মানচেষ্টাৰত উপস্থিত হৈছেগৈ ভাৰতীয় ক্ৰিকেট দল ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3565993_1.jpg)
শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে দলটো মানচেষ্টাৰত উপস্থিত হোৱা এক ভিডিঅ' শ্বেয়াৰ কৰিছে । ভাৰতীয় দলৰ প্ৰতিজন খেলুৱৈকে ভিডিঅ'টোত দেখা গৈছে ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3565993_3.jpg)
উল্লেখ্য যে, দেওবাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে মানচেষ্টাৰৰ অ'ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত যুঁজত নামিব । ইয়াৰ পূৰ্বে ভাৰতে ৩ খন মেচৰ দুখনতে জয় সাব্যস্ত কৰাৰ লগতে ১ খন মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছে । তাৰোপৰি, পাকিস্তানে ৪ খন মেচৰ ১ খনতহে সাব্যস্ত কৰাৰ লগতে ২ খনত পৰাজিত হৈছে আৰু এখন মেচ বৰষুণৰ বাবে বাতিল কৰা হৈছে ।
![ETV BHARAT ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3565993_2.jpg)
দুই দলৰ খেলুৱৈসকল -
ভাৰত - বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা, শিখৰ ধাৱান, এম. এছ. ধোনী, কেদাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ভূৱনেশ্বৰ কুমাৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, বিজয় শংকৰ, দিনেশ কাৰ্তিক, কে. এল. ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা ।
পাকিস্তান - শোয়েৱ মালিক, মহম্মদ হাফীজ, ছৰফৰাজ আহমদ, ৱাহাৱ ৰিয়াজ, মহম্মদ আমিৰ, হৰিশ সোহেল, বাবৰ আজম, ইমাম ওল হক, আছাদ আলি, ইমাদ ৱাছিম, ফখৰ জামান, শাদাৱ খান, হাছন আলি, শ্বাহীন আফ্ৰিদী আৰু মহম্মদ হছনেন ।