স্পৰ্টছ ডেস্ক, 25 মেঃ আসন্ন বিশ্বকাপৰ পূৰ্বে শনিবাৰে প্ৰথম অনুশীলন মেচতে নিউজিলেণ্ডৰ হাতত পৰাস্ত হয় বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দল ৷ প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে 39.2 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 179 ৰান সংগ্ৰহ কৰে ৷ ভাৰতীয় দলটোৰ শীৰ্ষ বেটছমেনসকলৰ বেটিং বিপৰ্যয়ৰ সময়ত বেটিঙত জিলিকি উঠে জাদেজা ৷ জাদেজাই সৰ্বোচ্চ 54 ৰানৰ লগতে পাণ্ডিয়াই 30 ৰানৰ বৰঙণি যোগায় ৷ নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট বল্টে 4 টা আৰু জেমছ নীছামে 3 উইকেট দখল কৰে ৷ ইপিনে সহজ জয়ৰ লক্ষ্যৰে নিউজিলেণ্ডৰ দলটোৱে 37.1 অভাৰতে চাৰি উইকেটৰ বিনিময়ত লক্ষ্য অতিক্ৰম কৰে ৷ ৰ'জ টেইলৰৰ 71 আৰু অধিনায়ক উইলিয়ামছনৰ 67 ৰানৰ সহায়ত অনুশীলন খেলখনত কিৱি বাহিনীয়ে 6 উইকেটত ভাৰতক পৰাজিত কৰে ৷ উল্লেখ্য যে ছুইং সহায়ক পিটছৰ বাবে ভাৰতে প্ৰথম ছয় অভাৰতে তিনিটা উইকেট হেৰুৱাব লগীয়া হয় ৷ ইপিনে এই পৰাজয়ৰ পাছত ভাৰতে 28 মে'ত অন্তিমখন প্ৰস্তুতি মেচ খেলিব বাংলাদেশৰ বিৰুদ্ধে ৷
প্ৰস্তুতি মেচত বেটিং ব্যৰ্থতাৰে ভাৰতৰ পৰাজয় - india lost first warmup match against new zealand
ৰ'জ টেইলৰৰ 71 আৰু অধিনায়ক উইলিয়ামছনৰ 67 ৰানৰ সহায়ত অনুশীলন খেলখনত কিৱি বাহিনীয়ে 6 উইকেটত ভাৰতক পৰাজিত কৰে ৷ এই পৰাজয়ৰ পাছত ভাৰতে 28 মে'ত অন্তিমখন প্ৰস্তুতি মেচ খেলিব বাংলাদেশৰ বিৰুদ্ধে ৷