স্পৰ্টছ ডেস্ক, 16 জুলাই : এদিনীয়া ক্ৰিকেটৰ প্ৰথমটো বিশ্বকাপ দখলৰ পাছতে এই জয় উদযাপন কৰিলে ইংলেণ্ড দলে ৷ গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মে'ক সাক্ষাৎ কৰিবৰ বাবে বিশ্ববিজয়ী দলটোৱে 10, ডাউনিং ষ্ট্ৰীটত উপস্থিত হোৱাৰ সময়তে এনেদৰে জয় উদযাপন কৰা পৰিলক্ষিত হয় ৷
-
A trip to Downing Street to celebrate! 🏆#CWC19 #WeAreEngland #ExpressYourself pic.twitter.com/k02e4PhDUF
— England Cricket (@englandcricket) July 16, 2019 " class="align-text-top noRightClick twitterSection" data="
">A trip to Downing Street to celebrate! 🏆#CWC19 #WeAreEngland #ExpressYourself pic.twitter.com/k02e4PhDUF
— England Cricket (@englandcricket) July 16, 2019A trip to Downing Street to celebrate! 🏆#CWC19 #WeAreEngland #ExpressYourself pic.twitter.com/k02e4PhDUF
— England Cricket (@englandcricket) July 16, 2019
ইংলেণ্ড ক্ৰিকেটৰ অফিচিয়েল টুইটাৰৰ জৰিয়তে থেৰেছা মে'ৰ সৈতে দলটোৰ ফটো শ্বেয়াৰ কৰা হয় ৷ ইয়াৰোপৰি দলটোৱে লণ্ডনৰ অ'ভেলত উপস্থিত হৈ অনুৰাগীৰ সৈতে বিশ্বকাপ জয় উদযাপন কৰে ৷
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট, 2019 ৰ ফাইনেলত ইংলেণ্ড দলে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ হাতত তুলি লয় ৷ খিতাপৰ এই যুঁজত দলটোৱে প্ৰতিদ্বন্দী নিউজিলেণ্ডক তুঁমুল যুঁজৰ অন্তত পৰাস্ত কৰে ৷ 50 অ'ভাৰৰ মেচত দুয়ো দলে সমান ৰাণ সংগ্ৰহ কৰাৰ পাছত ছুপাৰ অ'ভাৰ অনুষ্ঠিত কৰা হয় ৷ কিন্তু ছুপাৰ অ'ভাৰৰ পাছতো দুয়ো দলে সমান ৰাণ সংগ্ৰহ কৰা বাবে সৰ্বাধিক বাউণ্ডেৰী সংগ্ৰহ কৰা ইংলেণ্ড দলক বিজয়ী ঘোষণা কৰা হয় ৷