স্পৰ্টছ ডেস্ক,14 মে’: বিশ্বকাপত আজি মুখামুখি হৈছিল ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ৷ দ্য ৰজ বল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 19 সংখ্যক মেচত 8 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হয় ইংলেণ্ডে ৷ টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইংলেণ্ডে ৷ ৱেষ্ট ইণ্ডিজ দলটোৱে 44.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 212 ৰান কৰিবলৈ সক্ষম হয় ৷
ৱেষ্ট ইণ্ডিজৰ হৈ নিকলাচ পুৰাণে সৰ্বাধিক 63 ৰান কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ হৈ জৰ্ফ্ৰা আৰ্চাৰে 30 ৰান দি 3 টা আৰু মাৰ্ক উডে 6.4 অভাৰত 18 ৰান দি 3 টা উইকেট দখল কৰে ৷ জু ৰুটে 2 টা উইকেট লাভ কৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে 33.1 অভাৰত 2 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷
ইংলেণ্ডৰ হৈ জু ৰুটে 100, জনী বিয়াৰেষ্টই 45 আৰু ক্ৰীছ বক্ছে 40 ৰান কৰিবলৈ সক্ষম হয় ৷ জ ৰুটক মেন অফ দ্য মেচ লাভ কৰিবলৈ সক্ষম হয় ৷