স্পৰ্টছ ডেস্ক, ২ জুন : অহা ৫ জুনত অনুষ্ঠিত হ'বলগা প্ৰথমখন মেচৰ বাবে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে ভাৰতীয় দলৰ খেলুৱৈসকলে । ৰবি শাস্ত্ৰীৰ তত্বাৱধানত ৰ'জ বল ষ্টেডিয়ামত অনুশীলনত নামি পৰিছে প্ৰতিজন খেলুৱৈ । যি সময়ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী আৰু জছপ্ৰীত বুমৰাহৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে সেই সময়ত পিছ পৰি ৰোৱা নাই এম. এছ. ধোনীও । ২০১১ বৰ্ষৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক তথা বৰ্তমানৰ কীপাৰ আৰু বেটছমেন এম. এছ. ধোনীয়ে এক বিশেষ বেটেৰে অংশ ল'ব বিশ্বকাপৰ মেচত ।
৩৭ বছৰীয়া সোঁহতীয়া খেলুৱৈ গৰাকীয়ে পূৰ্বতকৈ কম ওজনৰ এখন বেটেৰে এইবাৰ অংশ ল'ব বিশ্বকাপৰ মেচ সমূহত । ১১৮০ গ্ৰামৰ বেট ব্যৱহাৰ কৰা ধোনীয়ে এইবাৰ ইংলেণ্ডৰ পিটছৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতকৈ ২০ গ্ৰাম কম ওজনৰ বেটেৰে প্ৰতিযোগিতাত নামিব বুলি জানিব পৰা গৈছে । জলন্ধৰস্থিত এক বেট তৈয়াৰী কোম্পানীয়ে এই বেট তৈয়াৰ কৰাৰ লগতে দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাৰ বাবেও বেট তৈয়াৰ কৰে বুলি জানিবলৈ দিয়ে । কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি ধোনীতকৈও কম ওজনেৰে তৈয়াৰ কৰা হৈছে আমলাৰ বেট ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে সমাপ্ত আইপিএলত দূৰ্দান্ত প্ৰদৰ্শন কৰা ধোনীয়ে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপৰ ৱাৰ্ম আপ মেচতো শতক অৰ্জন কৰিছিল ।