স্পৰ্টছ ডেস্ক, 12 জুনঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত নাথান কুল্টৰ নাইলৰ বলত হাতৰ আঙুলিত আঘাতপ্ৰাপ্তৰ সন্মুখীন হৈছিল ভাৰতীয় অপেনাৰ শিখৰ ধাৱন ৷ যাৰ বাবে আগন্তুক তিনি সপ্তাহৰ বাবে খেল পথাৰৰ পৰা বিৰত থকাৰ সম্ভাৱনা ৷ যাৰ বাবে নিউজিলেণ্ড আৰু পাকিস্তানৰ মেচত ধাৱনৰ উপস্থিত এতিয়া অনিশ্চিয়তাত ৷
কিন্তু বিচিচিআইয়ে উল্লেখ কৰিছে যে, ধাৱন বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে আৰু খেলুৱৈগৰাকী আগন্তুক দিনত ইংলেণ্ডতে থাকিব ৷
উল্লেখ্য যে, মেচখনত আঘাতৰ পিচতো কেৰিয়াৰৰ 17 তম শতক অৰ্জন কৰিছিল ধাৱনে৷ ধাৱনৰ 117 ৰানৰ সুন্দৰ ইনিংছৰ ফলতেই ভাৰতে 36 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল মেচখনত ৷ অৱশ্যে মেচখনত ফিল্ডিং কৰাৰ পৰা বিৰত আছিল ধাৱন ৷ তেওঁৰ স্থানত ফিল্ডিং কৰিবলৈ খেল পথাৰত নামিছিল ৰবিন্দ্ৰ জাডেজা ৷