ETV Bharat / sports

আফগানিস্তান দলৰ অধিনায়কৰ দায়িত্ব ৰাছিদ খানক

author img

By

Published : Jul 12, 2019, 8:52 PM IST

বিশ্বকাপত শোচনীয় প্ৰদৰ্শনৰ পাচতেই সলনি হ’ল আফগানিস্তান দলৰ অধিনায়ক ৷ গুলবদিন নাইবৰ স্থানত নতুন অধিনায়কৰ দায়িত্ব দিয়া হয় ৰাছিদ খানক ৷

আফগানিস্তান দলৰ অধিনায়কৰ দায়িত্ব ৰাছিদ খানক

স্পৰ্টছ ডেস্ক,12 জুলাইঃ সলনি হ’ল আফগানিস্তান দলৰ অধিনায়ক ৷ বিশ্বকাপত দলটোৰ শোচনীয় পৰাজয়ৰ পিচতেই আফগানিস্তান ক্ৰিকেট বৰ্ডৰ এই সিদ্ধান্ত ৷ দলটোৰ তিনিটা ফৰ্মেটৰ বাবে অধিনায়কৰ দায়িত্ব দিয়া হয় বিশ্বৰ আগশাৰীৰ বলাৰৰ ৰাছিদ খানক ৷ আনহাতে সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে অছগৰ আফগানক ৷ 12 জুলাইত এই কথা সদৰী কৰিছে আফগানিস্তান ক্ৰিকেট বৰ্ডে ৷

ETV BHARAT
গুলবদিন নাইব

উল্লেখ্য যে,বিশ্বকাপৰ পূৰ্বে অছগাৰ আফগানক সলনি কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছিল গুলবদিন নাইবক ৷ আনহাতে ৰাছিদ খানক টি-20 আৰু ৰহমত শ্বাহক টেষ্ট ক্ৰিকেটৰ অধিনায়ক বনোৱা হৈছিল ৷ কিন্তু বিশ্বকাপত দলটোৰ শোচনীয় প্ৰদৰ্শনৰ পাচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.