ETV Bharat / sports

বিশ্বকাপত উইকেটৰ দ্ৰুততম অৰ্ধশতক মালিংগাৰ

আই চি চি বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত শ্ৰীলংকাৰ বেগী বলাৰ লাছিথ মালিংগাৰ অভিলেখ ৷ বিশ্বকাপত অৰ্জন কৰিলে দ্ৰুততম 50 টা উইকেট ৷ 26 খন মেচত এই কৃতিত্ব লাভ লাথিছ মালিংগাৰ ৷

বিশ্বকাপত উইকেটৰ দ্ৰুততম অৰ্ধশতক মালিংগাৰ
author img

By

Published : Jun 23, 2019, 4:26 PM IST

স্পৰ্টছ ডেস্ক, 23 জুনঃ ইংলেণ্ডৰ বিৰুদ্ধে হেডিংলীত অনুষ্ঠিত হোৱা বিশ্বকাপৰ 27 সংখ্যক মেচত ৰোমাঞ্চকৰ জয় লাভ শ্ৰীলংকাৰ ৷ লাছিথ মালিংগা আৰু মেথিউজৰ সুন্দৰ প্ৰদৰ্শনৰ ফলতেই ইংলেণ্ডৰ বিৰুদ্ধে 2007 চনৰ বিশ্বকাপৰ পৰা চলি অহা বিজয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় শ্ৰীলংকাই ৷ এই মেচখনত মালিংগাই 10 অভাৰত 43 ৰান দি দখল কৰে 4 টা উইকেট ৷ মালিংগাই জেমছ ভিন্স, জনী বেয়াৰ’ষ্ট, জু ৰুট আৰু জছ বাটলাৰৰ উইকেট দখল কৰি বিশ্বকাপত দ্ৰুততম 50 টা উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ ৰছিবলৈ সক্ষম হয় ৷ ইপিনে এই কৃতিত্ব লাভ কৰা বিশ্বৰ চতুৰ্থগৰাকী খেলুৱৈৰ লগতে শ্ৰীলংকাৰ দ্বিতীয়গৰাকী বলাৰ ৰূপে পৰিগণিত হয় মালিংগা ৷ মালিংগাই বিশ্বকাপৰ 26 খন মেচত গঢ়ে অভিলেখ ৷ ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ গ্লেন মেক্গ্ৰাথ, শ্ৰীলংকাৰ মুথয়া মুৰলীধৰণে 30 খন আৰু পাকিস্তানৰ ৱাছিম আকৰামে 34 খন মেচত দখল কৰিছিল বিশ্বকাপত 50 টা উইকেট ৷

ETV VHARAT
বিশ্বকাপত উইকেটৰ দ্ৰুততম অৰ্ধশতক মালিংগাৰ

অৱশ্যে বিশ্বকাপত সৰ্বাধিক উইকেট লোৱা বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে 71 টা উইকেটৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ গ্লেন মেক্গ্ৰাথ ৷ ইপিনে মুথয়া মুৰলীধৰণে 68 টা উইকেটেৰ দ্বিতীয়, ৱাছিম আকৰাম 55 টা উইকেটৰে তৃতীয় স্থানত অধিষ্ঠিত আছে ৷ বিশ্বকাপত মালিংগাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে কেনিয়াৰ বিৰুদ্ধে 38 ৰান দি 6 টা উইকেট ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.