স্পৰ্টছ ডেস্ক, ১৪ জুন : বিশ্বকাপ ক্ৰিকেটত বৰষুণে বাৰে বাৰে বিধি - পথালি দিয়াৰ সময়তে শুকুৰবাৰে ছাউথহেম্পটনত অনুষ্ঠিত হ'ব ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ মেচ । দৰ্শকক হতাশ কৰি ৪ খনকৈ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত এই খন মেচৰ বাবে সাজু হৈ উঠিছে জেছন হ'ল্ডাৰ নেতৃত্বাধীন ৱেষ্ট ইণ্ডিজ দল । আনহাতে, আয়োজক ইংলেণ্ড দলে ঘৰুৱা পৰিৱেশত পূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, বৰষুণৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পূৰ্বৰ মেচ অনুষ্ঠিত নোহোৱাত এই মেচত জয়েৰে নিজৰ দ্বিতীয়টো জয় সাব্যস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিব ৱেষ্ট ইণ্ডিজে । আনহাতে, ৩ খন মেচৰ ২ খনত জয় লাভেৰে পইন্টৰ তালিকাত চতুৰ্থ স্থানত থকা ইংলেণ্ড দলটোৱে দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ।