স্পৰ্টছ ডেস্ক, ৫ জুনঃ ইংলেণ্ডৰ চাউথাম্পটনৰ ৰ’জ বল ষ্টেডিমায়ত আজি মুখামুখি হৈছে দক্ষিণ আফ্ৰিকা আৰু ভাৰত । বুমৰাহৰ বিধ্বংসী বলিঙৰ ফলত ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰাৰম্ভিক দুটা সফলতা ৷ হাছিম আমলা (6) আৰু কুইণ্টন ডি কক (10) ৰান কৰি চিকাৰ হয় ভাৰতীয় বেগী বলাৰ জছপ্ৰীত বুমৰাহৰ ৷ খেলখনত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকাই দুটা উইকেটৰ বিনিময়ত 65 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, 2019 বিশ্বকাপত ভাৰতৰ এইটো হৈছে প্ৰথমখন মেচ ৷ আনহাতে বিশ্বকাপৰ প্ৰথম দুখন মেচত পৰাজয়ৰ পিচত ভাৰতৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা ৷ বিশ্বকাপত দুয়োটা দলে ইয়াৰ পূৰ্বে ৪ খনকৈ মেচত মুখামুখি হৈছে । য'ত ভাৰতে ১ খন আৰু দক্ষিণ আফ্ৰিকাই ৩ খন মেচত জয়ৰ সোৱাদ লাভ কৰিছে ।
ইপিনে চাউথাম্পটনত ভাৰতে ইয়াৰ পূৰ্বে তিনিখন মেচত অৱতীৰ্ণ হৈছে । য'ত ভাৰতে কেনিয়াৰ বিৰুদ্ধে জয় লাভ কৰাৰ বিপৰীতে ইংলেণ্ডৰ হাতত দুখন মেচত পৰাজয়ৰ সন্মুখীন হৈছিল ৷ ইয়াৰ বিপৰীতে এই ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাইয়ো 3 খন মেচত অৱতীৰ্ণ হৈছে ৷ য'ত 2 খন মেচত জয় লাভ কৰাৰ বিপৰীতে 1 খন মেচত পৰাজয়ৰ সন্মুখীন হৈছিল দক্ষিণ আফ্ৰিকা দলটো ৷