স্পৰ্টছ ডেস্ক, 23 মে’: ইংলেণ্ড এণ্ড ৱেলছত অহা 30 মে’ৰ পৰা অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত আই চি চি ৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ ৷ এই বিশ্বকাপত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ ব্ৰেট লীৰ তিনি শীৰ্ষ বলাৰৰ ভিতৰত অন্যতম হৈছে ভাৰতীয় দলৰ জছপ্ৰীত বোমৰাহ ৷ 49 খন এদিনীয়া মেচত 85 টা উইকেট লোৱা বুমৰাহৰ বিষয়ে ব্ৰেট লীয়ে লগতে কয়, এদিনীয়া ক্ৰিকেটত বুমৰাহৰ আছে সুন্দৰ অভিলেখ ৷
বোমৰাহৰ গতি আৰু য়ৰ্কাৰ বিৰোধী পক্ষক বিপদত পেলাবলৈ যথেষ্ট বুলি উল্লেখ কৰে ব্ৰেট লীয়ে ৷ বুমৰাহৰ লগতে অষ্ট্ৰেলিয়া দলৰ মিটচেল ষ্ট্ৰাক আৰু পেট কামিংছৰ পৰাও বিশ্বকাপত সুন্দৰ প্ৰদৰ্শনৰ আশা কৰিছে ব্ৰেট লীয়ে ৷