নিউজ ডেস্ক, 6 জুলাই : বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পঞ্চমটো শতক অৰ্জন কৰিলে 'হিটমেন' খ্যাত ভাৰতীয় অ'পেনাৰ ৰোহিত শৰ্মাই ৷ 92 বলত 14 টা চাৰি আৰু 2 টা ছয়ৰ জৰিয়তে শতক অৰ্জন কৰে ৰোহিতে ৷
ইয়াৰোপৰি, বিশ্বকাপ ক্ৰিকেট ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ'ল ৰোহিত শৰ্মা ৷