স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰী : মঙলবাৰে পাকিস্তানৰ বিৰুদ্ধে 19 বছৰ অনুৰ্দ্ধ বিশ্বকাপৰ ছেমিফাইনেলত শতক অৰ্জন কৰে যশস্বী জয়ছৱালে ৷ অ'পেনাৰদ্বয় যশস্বী জয়ছৱাল আৰু দিব্যাঞ্চ সাক্সেনাৰ দূৰ্দান্ত প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলটোৱে ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হয় ৷
জয়ৰ বাবে প্ৰয়োজনীয় 173 ৰাণ কোনো উইকেট নেহেৰুৱাকৈ ভাৰতীয় দলে 36 সংখ্যক অ'ভাৰতে সংগ্ৰহ কৰে ৷ মেচখনত যশস্বী জয়ছৱালে অপৰাজিত 105 আৰু দিব্যাঞ্চ সাক্সেনাই অপৰাজিত 59 ৰাণ সংগ্ৰহ কৰে ৷
এটা ছয়ৰ জৰিয়তে নিজৰ শতক সম্পূৰ্ণ কৰাৰ লগতে দলক জয়ৰ দিশত উপনীত কৰাই যশস্বী জয়ছৱালে ৷ দলক জয় উপহাৰ দিয়াৰ লগতে নিজ পিতৃৰ আশাও পূৰ্ণ কৰে জয়ছৱালে ৷
ছেমি ফাইনেল যুঁজৰ পূৰ্বে যশস্বীৰ পিতৃ ভূপেন্দ্ৰ জয়ছৱালে 18 বছৰীয়া পুত্ৰক পাকিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰা চাব বিচাৰে বুলি প্ৰকাশ কৰিছিল ৷ তেওঁ কৈছিল, "মই যশস্বীক কৈছো যে, পাকিস্তানৰ বিৰুদ্ধে জয়ী হোৱাৰ লগতে তোমাৰ পৰা এটা শতক আশা কৰিছো ৷ আমি আশা কৰিছো যে, তুমি শতক অৰ্জন কৰাৰ লগতে পাকিস্তানক পৰাস্ত কৰা ৷"
-
The moment India secured a special victory over Pakistan 👏 #U19CWC | #INDvPAK | #FutureStars pic.twitter.com/23UT5e7FVI
— Cricket World Cup (@cricketworldcup) February 4, 2020 " class="align-text-top noRightClick twitterSection" data="
">The moment India secured a special victory over Pakistan 👏 #U19CWC | #INDvPAK | #FutureStars pic.twitter.com/23UT5e7FVI
— Cricket World Cup (@cricketworldcup) February 4, 2020The moment India secured a special victory over Pakistan 👏 #U19CWC | #INDvPAK | #FutureStars pic.twitter.com/23UT5e7FVI
— Cricket World Cup (@cricketworldcup) February 4, 2020
লগতে ভূপেন্দ্ৰ জয়ছৱালে নিজ পুত্ৰক ভাৰতৰ জাতীয় দলত অন্তৰ্ভূক্ত হৈ তেওঁলোকক গৌৰৱান্বিত কৰাটো বিচাৰে বুলি মন্তব্য কৰিছিল ৷ উল্লেখ্য যে, অনুৰ্দ্ধ 19 বিশ্বকাপৰ পাঁচখন মেচত যশস্বীয়ে এটা শতক আৰু তিনিটা অৰ্ধশতকৰ জৰিয়তে 312 ৰাণ সংগ্ৰহ কৰিছে ৷ বৃহস্পতিবাৰে বাংলাদেশ আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগা দ্বিতীয়খন ছেমিফাইনেলত যিটো দল জয়ী হয় সেই দলেই ভাৰতৰ বিৰুদ্ধে ফাইনেলত অংশগ্ৰহণ কৰিব ৷ দেওবাৰে অনুষ্ঠিত হ'ব বিশ্বকাপৰ চূড়ান্ত মেচ ৷
আৰু পঢ়ক : 19 অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট: দহ উইকেটৰ বিশাল জয়েৰে ফাইনেললৈ ভাৰত