স্পৰ্টছ ডেস্ক,19 ফেব্ৰুৱাৰীঃ ভাৰতত সু-সজ্জিত হৈ উঠিছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন ৷ পূৰ্বৰ মটেৰা ষ্টেডিয়ামখনক পুনৰ নিৰ্মাণ কৰি গঢ় দিয়া হৈছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামলৈ ৷ মঙলবাৰে বিচিচিআইয়ে টুইটাৰ যোগে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনৰ আকাশমাৰ্গৰ এক আলোকচিত্ৰ শ্বেয়াৰ কৰাৰ লগতে বুধবাৰেও শ্বেয়াৰ কৰে এখন ফটো ৷
-
The Sun is out! 🌞#MoteraStadium
— BCCI (@BCCI) February 19, 2020 " class="align-text-top noRightClick twitterSection" data="
Ahmedabad, India 🇮🇳 pic.twitter.com/JYAC886Bd4
">The Sun is out! 🌞#MoteraStadium
— BCCI (@BCCI) February 19, 2020
Ahmedabad, India 🇮🇳 pic.twitter.com/JYAC886Bd4The Sun is out! 🌞#MoteraStadium
— BCCI (@BCCI) February 19, 2020
Ahmedabad, India 🇮🇳 pic.twitter.com/JYAC886Bd4
উল্লেখ্য যে, এই ষ্টেডিয়ামখনত একলগতে 1,10,000 হাজাৰ দৰ্শকে খেল উপভোগ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ পূৰ্বে মেলৱৰ্ণ ক্ৰিকেট ষ্টেডিয়ামৰ নামত আছিল বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰ অভিলেখ ৷ য’ত 90 হাজাৰ দৰ্শকে একেলগে ষ্টেডিয়ামত খেল উপভোগ কৰাৰ ক্ষমতা আছিল ৷ জানিব পৰা মতে,গুজৰাটৰ আহমেদাবাদত নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ৷
চৰ্দাৰ পেটেল ক্ৰিকেট ষ্টেডিয়াম হিচাপে নামকৰণ কৰা ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মেচ ৷