স্পৰ্টছ ডেস্ক, 8 ডিচেম্বৰ : লেণ্ডল ছিমনছৰ দূৰ্দান্ত বেটিঙৰ জৰিয়তে ৱেষ্ট ইণ্ডিজে ভাৰতক 8 টা উইকেটত পৰাস্ত কৰে ৷ দেওবাৰে গ্ৰীনফিল্ড আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় টি-20 মেচত 9 টা বল বাকী থকা অৱস্থাতে জয় লাভ কৰিবলৈ সক্ষম হয় দলটোৱে ৷
67 ৰাণৰ সুন্দৰ ইনিংছ উপহাৰ দিয়া ছিমনছে নিকোলাছ পুৰানৰ সৈতে 61 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷ ইয়াৰ জৰিয়তে ৱেষ্ট ইণ্ডিজ দলে 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷
4 টা ছয় আৰু 4 টা চাৰিৰ জৰিয়তে ছিমনছে 67 ৰাণৰ ইনিংছ গঢ়ে ৷ আনহাতে, পুৰানে 18 টা বলত 38 ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰোপৰি, অ'পেনাৰ এভিন লিৱিছে 40 ৰাণ সংগ্ৰহ কৰাৰ লগতে ছিমৰন হেথমেয়াৰে 23 ৰাণ কৰে ৷

ইয়াৰ পূৰ্বে ভাৰতে বেটিং কৰি 7 টাকৈ উইকেট হেৰুৱাই 170 ৰাণৰ ইনিংছ গঢ়ে ৷ ভাৰতৰ হৈ শিৱম ডুৱেই 30 টা বলত সৰ্বাধিক 54 ৰাণৰ ইনিংছ গঢ়ে ৷ ৱেষ্ট ইণ্ডিজৰ হৈ ইউলিয়ামছ আৰু ৱেলছে দুটাকৈ উইকেট দখল কৰে ৷

শৃংখলাৰ চূড়ান্ত তথা অন্তিমখন মেচ 11 ডিচেম্বৰত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷
আৰু পঢ়ক : মৃত্যুৰ পূৰ্বে অজ্ঞাত ব্যক্তিৰ সম্বন্ধীয় ভাতৃলৈ ফোন