স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ: ভাৰতীয় ক্ৰিকেট জগতৰ বাবে 2019 বৰ্ষ আছিল যথেষ্ট বিশেষ ৷ পোন প্ৰথমবাৰৰ বাবে ভাৰতে দিবা-নৈশ টেষ্ট মেচত অৱতীৰ্ণ হোৱাৰ লগতে এই বৰ্ষতেই সৌৰভ গাংগুলীয়ে বিচিচিআইৰ অধ্যক্ষ পদত নিয়োজিত হৈ কাৰ্যভাৰ গ্ৰহণ কৰিয়ে সফলভাৱে দিবা-নৈশ টেষ্ট আয়োজন কৰিবলৈ সক্ষম হৈছিল ৷ অৱশ্যে বিশ্বকাপৰ ছেমিফাইনেলত পৰাজয়ৰ সন্মুখীন হ’ব লগীয়া হৈছিল ভাৰত ৷
এদিনীয়া বিশ্বকাপ 2019: 2019 বৰ্ষত পোন প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল ইংলেণ্ডে ৷ ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ইয়ন মৰ্গান নেতৃত্বাধীন ইংলেণ্ড দলটোৱে ৷ ছুপাৰ অভাৰত টাই হোৱাৰ বাবে মেচখনত আইচিচিৰ অত্যাধিক বাউণ্ডেৰী লগোৱা নিয়মৰ অনুসৰি বিজয়ী ঘোষণা হৈছিল ইংলেণ্ড ৷ অৱশ্যে এই বিশ্বকাপত ছেমিফাইনেলতে নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈ ভাৰতৰ বিশ্বকাপৰ যাত্ৰাৰ অন্ত পৰিছিল ৷
প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্ট শৃংখলা জয়: 2019 বৰ্ষ ভাৰতৰ টেষ্ট ক্ৰিকেটৰ বাবে যথেষ্ট সুকীয়া ৷ সাতটা দশকৰ পাচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্ট শৃংখলা জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটোৱে ৷ লগতে বছৰৰ অন্তত টেষ্ট ক্ৰিকেটত এক নম্বৰৰ স্থান অক্ষুণ্ণ ৰাখিবলৈও সক্ষম হৈছে দলটো ৷
বিচিচিআইৰ অধ্যক্ষ পদত সৌৰভ গাংগুলী: এই বৰ্ষতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী ৷ গাংগুলীয়ে অধ্যক্ষ পদত নিয়োজিত হোৱাৰ পাচতেই প্ৰথমবাৰৰ বাবে ভাৰতীয় ভূমিত পিংক বল টেষ্ট অথবা দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত কৰিছিল ৷
বিৰাট কোহলিৰ টেষ্ট চেণ্টাৰ বনোৱাৰ পৰামৰ্শ : 2019 বৰ্ষত বিৰাটৰ বাবে আছিল যথেষ্ট সুকীয়া ৷ পিংক বল টেষ্টত শতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈৰ সন্মান লাভ কৰিছিল বিৰাট কোহলিয়ে ৷ পিংক বলত শতক অৰ্জন কৰা ভাৰতীয় অধিনায়কগৰাকীয়ে টেষ্ট ক্ৰিকেটত দৰ্শকক আকৰ্ষিত কৰাৰ বাবে টেষ্ট চেণ্টাৰ বনোৱাৰ পৰামৰ্শ দিছিল ৷ আনহাতে এই বৰ্ষত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত অত্যাধিক ৰান বনোৱা খেলুৱৈ হয় বিৰাট (2455 ৰান) ৷
ধোনীৰ সন্ন্যাসক লৈ অনিশ্চয়তা: ৰোহিত শৰ্মাৰ টেষ্ট ক্ৰিকেটত অ’পেনাৰ হিচাপে পদাৰ্পণ কৰাৰ লগতে এই বৰ্ষত ধোনীৰ বিশ্বকাপৰ পাচত খেলপথাৰত ভুমুকি নমৰাক লৈ যথেষ্ট উৎকন্ঠাই বিৰাজ কৰিছিল ৷ বৰ্তমানো ধোনীৰ সন্ন্যাসকলৈ অনিশ্চয়তাই বিৰাজ কৰিছে ৷
ষ্টিভ স্মিথ আৰু ৱাৰ্ণাৰৰ প্ৰত্যাৱৰ্তন: 2018 বৰ্ষত বল টেম্পাৰিং বিবাদত 12 মাহৰ নিষেধাজ্ঞা লাভ কৰা পাচত অষ্ট্ৰেলিয়াৰ দুই তাৰকা খেলুৱৈ ষ্টিভ স্মিথ আৰু ডেভিদ ৱাৰ্ণাৰে সুন্দৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল ৷ দুয়ো খেলুৱৈয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে ৷
ক্ৰিকেটৰ পৰা বিৰতি মেক্সৱেলৰ : 2019 বৰ্ষত ক্ৰিকেট অনুৰাগীৰ বাবে আশ্চৰ্যকৰ কথা আছিল ক্ৰিকেটৰ পৰা কিছু দিনৰ পৰা বিৰতি লোৱা অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ গ্লেন মেক্সৱেলৰ ৷ মানসিক অস্থিৰতাৰ বাবেই ক্ৰিকেটৰ পৰা কিছু দিনৰ অব্যাহতি লৈছিল খেলুৱৈগৰাকীয়ে ৷
দহ বছৰ পিচত পাকিস্তানত ক্ৰিকেট: 2009 চনত শ্ৰীলংকাৰ ক্ৰিকেটাৰ ওপৰত পাকিস্তানত আক্ৰমণৰ পাচতেই কোনো আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হোৱা নাছিল পাকিস্তানত ৷ অৱশেষত দহ বছৰ পাচত 2019 চনত পাকিস্তান ভ্ৰমণলৈ গৈছিল শ্ৰীলংকা দলটো ৷