স্পৰ্টছ ডেস্ক, ৩ মাৰ্চঃ ৱেষ্ট ইণ্ডিছ আৰু ইংলেণ্ডৰ মাজত শনিবাৰে অনুষ্ঠিত হোৱা পঞ্চমখন এদিনীয়াত জয় লাভ ৱেষ্ট ইণ্ডিছৰ । গেইলৰ বিস্ফোৰক বেটিং আৰু অ'ছেন থমাছৰ বিধ্বংসী বলিঙৰ আগত সেও মানে ইংলেণ্ডে । ফলত ৭ উইকেটত জয় লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিছ দলটোৱে ।
ৱেষ্ট ইণ্ডিছে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৱেষ্ট ইণ্ডিছৰ আমন্ত্ৰণ মৰ্মে বেটিং কৰিবলৈ আহি ইংলেণ্ড দলটো ধৰাশায়ী হয় । কেৱল ১১৩ ৰানতে অল আউটৰ সন্মুখীন হয় ইংলেণ্ড । ৱেষ্ট ইণ্ডিছৰ হৈ অ'ছেন থমাছে ৫ টা উইকেট দখল কৰিবলৈ সক্ষম হয় । ইপিনে এই লক্ষ্য় অতিক্ৰম কৰিবলৈ আহি গেইলে বিস্ফোৰক আৰম্ভণি দিবলৈ সক্ষম হয় । কেৱল ১৯ টা বলতে অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে ২৭ টা বলত ৭৭ ৰান কৰি পেভিলিয়নমুখী হয় । এই জয়ৰে পাঁচ মেচৰ শৃংখলাত ২-২ ৰে সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিছে ।