ETV Bharat / sports

পিতৃৰ পৰামৰ্শ সম্পৰ্কত মন্তব্য কোহলিৰ : শ্বেয়াৰ কৰিলে আইচিচিয়ে - ইনষ্টাগ্ৰাম লাইভ

শেহতীয়াকৈ ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ সৈতে ইনষ্টাগ্ৰামত মত-বিনিময় কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে । এই মত-বিনিময়ৰ মাজতেই কোহলিয়ে তেওঁক পিতৃয়ে দিয়া এক পৰামৰ্শৰ কথা জনাইছিল । সেই পৰামৰ্শৰ উক্তি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আইচিচিয়ে ।

শ্বেয়াৰ কৰিলে আইচিচিয়ে
পিতৃৰ পৰামৰ্শ সম্পৰ্কত মন্তব্য কোহলিৰ
author img

By

Published : May 19, 2020, 12:46 PM IST

স্পৰ্টছ ডেস্ক, ১৯ মে': দেওবাৰে ছ'চিয়েল চাইট ইনষ্টাগ্ৰাম লাইভত দেখা পোৱা গৈছিল ভাৰতীয় ফুটবল তাৰকা খেলুৱৈ সুনীল চেত্ৰীৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিক । দুয়োৰে মাজত অনুষ্ঠিত হোৱা মত-বিনিময়ৰ মাজতেই কোহলিয়ে তেওঁক পিতৃয়ে দিয়া এক পৰামৰ্শৰ কথা উল্লেখ কৰে ।

Virat Kohli reveals father's career-shaping advice, ICC shares quote
বিৰাট কোহলি আৰু পিতৃ

কোহলিয়ে কয়, "মোৰ দেউতা স্পষ্ট আছিল খেলৰ সমান্তৰালকৈ অধ্য়য়নো চলাই নিয়াৰ ক্ষেত্ৰত । যেতিয়াই ২০০ শতাংশ আত্মবিশ্বাসেৰে মই এটা বিষয়ত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হ'ম বুলি নিশ্চিত হোৱাৰ পাচতহে যিকোনো এটা বিষয়ৰ ওপৰত মনোনিৱেশ কৰাৰ পৰামৰ্শ দিছিল ৷"

এই সন্দৰ্ভত আইচিচিয়ে এক পোষ্ট শ্বেয়াৰ কৰে, "ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে পিতৃৰ পৰা পোৱা কিছু পৰামৰ্শ প্ৰকাশ কৰিছো । এই পৰামৰ্শই কোহলিক নিজৰ দিগন্তক প্ৰশস্ত কৰি ৰাখিবলৈ সহায়ক কৰিছিল ৷"

আনহাতে এই কথোপকথনৰ মাজতে কোহলিয়ে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰো প্ৰশংসা কৰে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীনে ১৯৯৮ চনত শ্বাৰজাহ ষ্টেডিয়ামত খেলা এটা ইনিংছৰ কথা উল্লেখ কৰে বিৰাটে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনে এটা ইনিংছ যিটো আপুনি খেলাৰ ইচ্ছা প্ৰকাশ কৰিব বুলি চেত্ৰীয়ে কোহলিক সোধাৰ পাচত কোহিলিয় "১৯৯৮ মৰুভূমি ধুমুহা" বুলি উত্তৰ দিছিল ৷ চেত্ৰীয়ে পুনৰ প্ৰশ্ন কৰে, "ছেমিফাইনেল নে ফাইনেলৰ মেচখন ?" কোহলিয়ে তেতিয়া ছেমি ফাইনেলৰ মেচখন বুলি উল্লেখ কৰে ।

উল্লেখ্যে যে, ২২ বছৰ পূৰ্বে কোকা-কোলা কাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্বাৰজাহত ১৩১ বলত ১৪৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল মাষ্টাৰ ব্লাষ্টাৰ নামে খ্যাত শচীন তেণ্ডুলকাৰে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.