ETV Bharat / sports

3 বছৰ নিষেধাজ্ঞাকলৈ উমৰ আকমলৰ আবেদন, 11 জুনত শুনানি - পাকিস্তান ক্ৰিকেট ব'ৰ্ড

উমৰ আকমল আৰু পাকিস্তান ক্ৰিকেট ব'ৰ্ডক শুনানিৰ জাননী প্ৰদান । এক বিবৃতি যোগে এই কথা সদৰি কৰিছে স্বয়ং পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ।

Umar Akmal's appeal against 3-year ban to be heard on June 11, says PCB

author img

By

Published : Jun 6, 2020, 12:35 PM IST

স্পৰ্টছ ডেস্ক, 6 জুনঃ অহা 11 জুনত ভাগ্য নিৰ্ণয় হ'ব পাকিস্তানী ক্ৰিকেটাৰ উমৰ আকমলৰ । দুটাকৈ পৃথক-পৃথক ঘটনাত পিচিবিৰ দুৰ্নীতি দমন আইন উলংঘনৰ অভিযুগত 3 বছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী । ইয়াৰ পাচতেই এই শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল খেলুৱৈগৰাকীয়ে । এই আবেদনৰেই শুনানি গ্ৰহণ কৰিব পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি (অৱসৰপ্ৰাপ্ত) ফকিৰ মুহাম্মদ খোখাৰে । অহা 11 জুনত গ্ৰহণ কৰা হ'ব শুনানি ।

ইতিমধ্যে পিচিবি আৰু উমৰ আকমললৈ জাননী প্ৰদান কৰা হৈছে বুলি এক বিবৃতি যোগে জানিবলৈ দিয়ে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে ।

পাকিস্তান ক্ৰিকেট ব'ৰ্ড
পাকিস্তান ক্ৰিকেট ব'ৰ্ড

যোৱা 27 এপ্ৰিলত বিচাৰপতি (অৱসৰপ্ৰাপ্ত) ফেজল-ই-মিৰাণ চৌহানে খেলুৱৈগৰাকীক দোষী সাব্যস্ত কৰি তিনি বছৰৰ নিষেধাজ্ঞাৰ শাস্তি প্ৰদান কৰিছিল । 2.4.4 অনুচ্ছেদৰ অধীনত দুটাকৈ বিষয়ত পিচিবিৰ দুৰ্নীতি দমন আইন উলংঘনৰ বাবদ এই শাস্তি বিহা হৈছিল খেলুৱৈগৰাকীক । ইয়াৰ পাচত পিচিবিৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাছিল ।

কিন্তু এই শুনানিৰ বিৰুদ্ধে যোৱা 19 মে'ত এক আবেদন দাখিল কৰিছিল খেলুৱৈগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.