ETV Bharat / sports

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ মেচ - বৰষুণৰ বাবে বৰ্তমান স্থগিত ভাৰত-নিউজিলেণ্ডৰ মেচ

আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ ৷ বৰষুণৰ বাবে বৰ্তমান স্থগিত হৈ আছে মেচখন ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ মেচ

author img

By

Published : Jan 24, 2020, 8:14 PM IST

স্পৰ্টছ ডেস্ক, 24 জানুৱাৰীঃ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ 20 সংখ্যক মেচত আজি মুখামুখি হৈছে ভাৰত আৰু নিউজিলেণ্ড ৷ গ্ৰুপ এ ত ভাৰতৰ এইটো হৈছে তৃতীয়খন মেচ ৷ ভাৰতে প্ৰথমে বেটিং কৰি বিনা উইকেটে 103 ৰান সংগ্ৰহ কৰি থকা সময়তে বৰষুণে বিধি-পথালি জন্মাই খেলখনত ৷ বৰ্তমান বৰষুণৰ বাবে স্থগিত হৈ আছে মেচখন ৷

বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ মেচ
বৰষুণৰ বাবে স্থগিত ভাৰত-নিউজিলেণ্ডৰ মেচ

বৰষুণৰ বাবেই 27 অভাৰলৈ হ্ৰাস কৰা হৈছে মেচখন ৷ ভাৰতৰ হৈ যশ্বস্বী জয়ছৱাল 53 আৰু দিব্যাংশ ছাক্সেনাই 44 ৰান কৰি অপৰাজিত হৈ আছে ৷ এই মেচখনৰ বাবে ভাৰতীয় দলটোত তিনিটা সাল-সলনি কৰা হৈছে ৷ কুমাৰ কুশাগ্ৰ,শাশ্বত ৰাৱত,বিদ্যাধৰ পাটিলৰ স্থানত দিব্যাংশ ছাক্সেনা,অথৰ্ব অংকোলেকৰ আৰু সুশান্ত মিশ্ৰাক দলত স্থান দিয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.