স্পৰ্টছ ডেস্ক,৫ এপ্ৰিলঃ শনিবাৰে অষ্ট্ৰেলিয়াৰ বৰ্তমানৰ টেষ্ট অধিনায়ক টিম পেইনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে সহ অধিনায়ক পেট কামিন্স । টিম পেইনৰ শেহতীয়াকৈ দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কামিন্সে কয়, অষ্ট্ৰেলিয়াৰ দ্ৰুতবেগী বলাৰ ভৱিষ্যতৰ টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ বাবে প্ৰবল দাবীদাৰ । পেইনৰ মন্তব্যত তেওঁ সুখী অনুভৱ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে উইকেট-কীপাৰ এতিয়াও খেলি আছে ।
বৰ্তমান অষ্ট্ৰেলিয়া ক্ৰিকেটত পেইনৰ অৱসৰৰ পাচত অষ্ট্ৰেলিয়া দলৰ পৰৱৰ্তী অধিনায়ক কোন হ'ব তাক লৈ চিন্তা চৰ্চা আৰম্ভ হৈছে । ইতিমধ্যে প্ৰাক্তন অধিনায়ক স্মিথৰ ওপৰত থকা নিষেধজ্ঞাই সমাপ্ত হৈছে । টিম পেইনে শেহতীয়াকৈ ষ্টিভ স্মিথৰ লগতে কামিন্স, ট্ৰভিছ হেড, এলেক্স কেৰী আৰু মাৰ্নছ লাবুচেনৰো নাম অধিনায়কৰ বাবে উল্লেখ কৰিছিল ।
অৱশ্যে প্ৰাক্তন অধিনায়ক, ক্ৰিকেটাৰ মাইকেল ক্লাৰ্কে পেট কামিন্সৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে । কিয়নো বৰ্তমান কামিন্স দলটোৰ সহ অধিনায়ক ।
কামিন্সে পেইনৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অধিনায়কৰ দায়িত্বৰ বাবে মোৰ নাম উত্থাপন কৰাটো শুনি আনন্দিত হৈছো । মই নাভাৱো যে মোৰ পৰা তেওঁলোকে কম বা অত্যাধিক কিবা বিচাৰিছে । পেইনৰ তলত সহ অধিনায়কৰ দায়িত্ব লাভ কৰটো সৌভাগ্য মোৰ । এই সন্মানটি লাভ কৰিবলৈ পাই মই আনন্দিত । তেওঁ এজন শ্ৰেষ্ঠ অধিনায়ক । ক্ৰিকেট ডট কমত এই কথা উল্লেখ কৰে কামিন্সে ।
কামিন্সে ইয়াৰ লগতে কয় যে, বৰ্তমান সময়খিনিত অধিনায়কৰ লৈ কথা কোৱাটো সঠিক নহয় । যেতিয়ালৈ আমি পেইন অথবা ফিন্সৰ দৰে অধিনায়কৰ সেৱা লাভ কৰি আছো । ২০১১ চনত টেষ্ট ক্ৰিকেট অভিষক কৰা কামিন্সে বৰ্তমানলৈকে ৩০ খন টেষ্টত ১৪৩ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ।