ETV Bharat / sports

পাকিস্তান ক্ৰিকেট দলৰ তিনি খেলুৱৈ কৰ'ণা নিগেটিভ, 8 জুলাইত ৰাওনা হ'ব ইংলেণ্ডলৈ

author img

By

Published : Jul 6, 2020, 7:52 PM IST

অহা 8 জুলাইত ইংলেণ্ডলৈ ৰাওনা হ'ব হায়দাৰ আলী, ইমৰান খান আৰু কাছিফ ভাট্টি । কৰ'ণা ভাইৰাছৰ নমুনাৰ ফলাফল নিগেটিভ অহাৰ পাচতেই ইংলেণ্ডলৈ ৰাওনা হ'ব তিনি খেলুৱৈ ।

three pakistani cricketers to leave for england on july 8 after testing negative for covid 19
three pakistani cricketers to leave for england on july 8 after testing negative for covid 19three pakistani cricketers to leave for england on july 8 after testing negative for covid 19three pakistani cricketers to leave for england on july 8 after testing negative for covid 19

স্পৰ্টছ ডেস্ক, 6 জুলাই : পাকিস্তান ক্ৰিকেট দলটোৰ বাবে সুঃখবৰ । হায়দাৰ আলী, ইমৰান খান আৰু কাছিফ ভাট্টিৰ কৰ'ণা ভাইৰাছৰ নমুনাৰ ফলাফল নিগেটিভ । অহা 8 জুলাইত ইংলেণ্ডৰ বাবে ৰাওনা হ'ব তিনি খেলুৱৈ । আগন্তুক মাহত অনুষ্ঠিত হ'বলগীয়া শৃংখলাৰ বাবে ইংলেণ্ডত পাকিস্তান দলৰ সৈতে মিলিত হ'ব তিনি খেলুৱৈ । মালয়েছিয়াৰ মলংগ আলী আৰু মহম্মদ ইমৰাণক যোৱা এক জুলাই আৰু চাৰি জুলাইৰ পৰীক্ষণত নিগেটিভ পোৱা যায় ।

পাকিস্তানৰ দলটোৱে অহা 5 আগষ্টত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন মেচত মেনচেষ্টাৰত অৱতীৰ্ণ হ'ব । দলটোৱে বৰ্তমানে ইংলেণ্ডত নিজৰ অনুশীলন অব্যাহত ৰাখিছে । সংবাদ তথ্য অনুসৰি তিনি খেলুৱৈ আৰু মলংগ অহা 8 জুলাইত ইংলেণ্ডলৈ ৰাওনা হ'ব ।

অৱশ্যে বেগী বলাৰ হাৰিছ ৰাওফ পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ দ্বাৰা কৰোৱা পৰীক্ষণত পুনৰ বাৰ পজিটিভ ধৰা পৰিছে । বিগত শুকুৰবাৰত ছয়গৰাকী খেলুৱৈ দ্বিতীয়বাৰৰ বাবে নিগেটিভ ধৰা পৰাৰ পাচত ইংলেণ্ডলৈ ৰাওনা হৈছিল । ইয়াৰ ভিতৰত আছিল- ফখৰ জামান, মহম্মদ হাফিজ, মহম্মদ হছনেন, মহম্মদ ৰিজৱান, ছাদাৱ খান, ৱহাব ৰিয়াজ । পাকিস্তান দলটোৱে তিনিখন টেষ্ট আৰু তিনিখন টি-20 মেচত অৱতীৰ্ণ হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.