স্পৰ্টছ ডেস্ক, 19 আগষ্টঃ দিলীপ ট্ৰফীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ দ্বাৰা পঞ্জীয়ন খেলুৱৈৰ ডপিং টেষ্টৰ পৰীক্ষা কৰিব নাডাই ৷ বিচিচিআইৰ দ্বাৰা যোগ্য চিকিৎসক নিযুক্তৰ দাবী মানি লোৱাৰ পাচতেই এতিয়াৰ পৰা নাডাই পৰীক্ষা কৰিব দিলীপ ট্ৰফীৰ খেলুৱৈ সকলৰ ডপিং টেষ্ট ৷ নাডাৰ বৈঠকত কোৱা হৈছে যে, অতি সোনকালেই দিলীপ ট্ৰফীৰ খেলুৱৈসকলৰ পৰীক্ষণ আৰম্ভ কৰা হ’ব ৷ অৱশ্যে ইণ্ডিয়া ব্লু আৰু ইণ্ডিয়া গ্ৰীণৰ মাজত চলি থকা মেচ সমূহত এই পৰীক্ষা কাৰ্যকৰী কৰা নহ’ব ৷ বিচিচিআইয়ে ইতিমধ্যে ঘৰুৱা মেচসমূহৰ সম্পূৰ্ণ কাৰ্যসূচী নাডালৈ প্ৰেৰণ কৰিছে য’ত উল্লেখ আছে মেচ আৰু স্থানৰ নাম ৷ দিলীপ ট্ৰফী ইতিমধ্যে আৰম্ভ হৈছে গতিকে কোনখন মেচৰ পৰা এই পৰীক্ষণ প্ৰণালী কাৰ্যকৰী কৰা হ’ব সেয়া বৰ্তমান লৈকে স্পষ্ট হোৱা নাই ৷
নাডাই কৰিব দিলীপ ট্ৰফীৰ খেলুৱৈৰ ডপিং টেষ্ট - বিচিচিআই
এতিয়া পৰা দিলীপ ট্ৰফীৰ খেলুৱৈৰ ডপিং টেষ্টৰ পৰীক্ষণ কৰিব ৰাষ্ট্ৰীয় ডপিং বিৰোধী সন্থা চমুকৈ নাডাই ৷