ETV Bharat / sports

৯০ দশকত শচীন তেণ্ডুলকাৰৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল ভাৰতীয় দল : মাঞ্জৰেকাৰ

author img

By

Published : May 18, 2020, 4:41 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মাঞ্জৰেকাৰৰ মতে ৯০ দশকত শচীন তেণ্ডুলকাৰৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছিল ভাৰতীয় ক্ৰিকেট দলটো ।

team india was too dependent on sachin tendulkar in the 90s says sanjay manjrekar

স্পৰ্টছ ডেস্ক, ১৮ মে': দেওবাৰে ৰবীচন্দ্ৰন আশ্বিন সৈতে হোৱা ইনষ্ট্ৰাগ্ৰাম লাইভ অনুষ্ঠানত সঞ্জয় মঞ্জেকাৰৰ শচীন তেণ্ডুলকাৰ আৰু ৯০ দশকৰ ভাৰতীয় দলৰ পৰিস্থিতক লৈ এক মন্তব্য ।

প্ৰাক্তন ক্ৰিকেটাৰ মাঞ্জেৰেকাৰে কয়, ১৯৮৯ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল প্ৰতিভাৱান শচীন তেণ্ডুলকাৰৰ । ৯১-৯২ চনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম শতক অৰ্জন কৰিছিল তেণ্ডুলকাৰে । তেতিয়াই সমগ্ৰ বিশ্বই তেওঁৰ ফালে আগ্ৰহেৰে চাইছিল । অৱশ্যে সেই সময়ত তাৰ এটা কাৰণ আছিল তেওঁৰ বয়স । কাৰণ তেতিয়া শচীন তেণ্ডুলকাৰৰ বয়স আছিল কেৱল ১৭ বছৰ ।

ইয়াৰ পাচতেই মাঞ্জৰেকাৰে কয়, দুৰ্ভাগ্যবশত ৯৬-৯৭ চনত ভাৰতীয় দলটো শচীনৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰশীল হৈ পৰিল । কাৰণ সেই সময়ত তেওঁ ধাৰাবাহিক ভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল । তেতিয়া তেওঁ ভাৰতৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে বিৰোধীৰ পক্ষত হেঁচা আৰু বিৰোধী বলাৰৰ ভাল বলতো ৰান কৰিবলৈ সক্ষম হৈছিল ।

ভাৰতীয় দল ১৯৯০ দশকত

ইয়াৰ পূৰ্বে ভাৰতীয় দলটো ৰক্ষণমূলক (ডিফেনচিফ) বেটিঙৰ বাবে জনাজাত আছিল । কেৱল বেয়া বল সমূহক হে বাউণ্ডেৰী লৈ পঠিয়াইছিল । যেনেকৈ সুনীল গাভাস্কাৰেও কিছু কিছু সময়ত বলাৰক সন্মান দি আহিছিল যাতে বলাৰ জন ভাগৰুৱা হৈ পাচত বেয়া বল দিবলৈ বাধ্য হয় আৰু সেই বলত আক্ৰমণ কৰি ৰান বনাব পাৰিব । কিন্তু শচীনৰ ক্ষেত্ৰত এনে নাছিল । শচীনে বিৰোধী দলৰ উচ্চ মানদণ্ডৰ বলাৰৰ সুন্দৰ বল সমূহকো বাউণ্ডেৰী লৈ মাৰি পঠিয়াবলৈ সক্ষম আছিল বুলি কয় প্ৰাক্তন খেলুৱৈগাৰকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.