স্পৰ্টছ ডেস্ক, 2 জুনঃ ক্ৰিকেট এশ্ব'চিয়েছন অফ বংগালৰ এক প্ৰস্তাৱৰ পাচতেই পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ তথ্য । বিগত তিনি বছৰৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্য়ৰ চকুৰ পৰীক্ষা কৰি আহিছে বিচিচিআইয়ে । শেহতীয়াকৈ ক্ৰিকেট এশ্ব'চিয়েছন অফ বংগালে কৰ'ণা ভাইৰাছৰ পাচত খেলুৱৈৰ চকুৰ পৰীক্ষা কৰাব লাগে বুলি এক প্ৰস্তাৱ দাঙি ধৰিছিল ।
আইএএনএছৰ সৈতে বাৰ্তালাপত বিচিচিআইৰ এজন অধিকাৰীয়ে জানিবলৈ দিছিল যে, চিএবিৰ ফালৰ পৰা খেলুৱৈৰ বাবে লোৱা এইটো এটা উচিত বিবেচনা । ইতিমধ্যে চুক্তিবদ্ধ হৈ থকা ভাৰতীয় খেলুৱৈ সকলক বিচিচিআইয়ে বিগত 3 বছৰৰ পৰাই চকুৰ পৰীক্ষা কৰি থকা হৈছে ।
তেওঁ কৈছিল,"মোৰ বোধে চিএবিৰ ফালৰ পৰা এইয়া এক প্ৰশংসনীয় পদক্ষেপ । কাৰণ এই খেল বিধ চকু আৰু হাতৰ সামাঞ্জস্যৰ পৰিপন্থী । বিগত 3 বছৰৰ পৰা প্ৰত্যেক 3 মাহৰ অন্তত বিৰাট আৰু তেওঁৰ সম্পূৰ্ণ দলটোৰ চকুৰ পৰীক্ষা কৰি থকা হৈছে । চুক্তিবদ্ধৰ অন্তৰ্গত সকলো খেলুৱৈৰ বাবে এইটো বাধ্যতামূলক ।"
তেওঁ ইয়াৰ লগতে কয়, এই খেলত আপোনাৰ দৃষ্টি শক্তিয়েই আপোনাৰ মুখ্য় অস্ত্ৰ । যদি কোনোৱাই অসুবিধাৰ সন্মুখীন হয় তেন্তে লেন্স অথবা চছমাৰ জৰিয়তে তাৰ সমাধান উলিওৱা হ'ব । কাৰণ 140 কিলোমিটাৰ প্ৰতিঘণ্টা দ্ৰুতবেগেৰে অহা বলৰ সন্মুখীন কৰিব লাগিব খেলুৱৈয়ে । যদি এক ছেকেণ্ডৰ বাবেও বল চোৱাত বিফল হয় তেন্তে বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ।
আনহাতে বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমলে সোমবাৰে কয় যে, বৰ্তমান সময়ত বিচিচিআইয়ে ভাৰতীয় দলৰ শীৰ্ষ খেলুৱৈৰ অনুশীলনৰ বাবে কেম্প তৈয়াৰ কৰি আছে । অৱশ্য়ে এই কেম্প কেতিয়াৰ আৰম্ভ কৰা হ'ব সেই বিষয়ে বৰ্তমানেও একো স্পষ্ট কৰা নাই বিচিচিআই ।
লগতে পঢ়কঃ বাক্সাৰ কুমাৰীকাটাত ফুলিছে বেলুন ফুল