ETV Bharat / sports

নক আউট মেচত ভাৰতীয় দলত কৰি দেখুৱাৰ প্ৰবৃত্তিৰ অভাৱ : গম্ভীৰ

author img

By

Published : Jun 13, 2020, 8:34 PM IST

শেষবাৰৰ বাবে 2013 চনত আইচিচিৰ প্ৰতিযোগিতা জয়ী হ'বলৈ সক্ষম হৈছিল ভাৰতে । যেতিয়া ইংলেণ্ডত ধোনীয়ে চেম্পিয়নছ ট্ৰফীৰ নেতৃত্ববহন কৰিছিল । তাৰ পিছৰ পৰা এখনো আইচিচি প্ৰতিযোগিতাৰ বিজয়ৰ মুখ দেখা নাই ভাৰতীয় ক্ৰিকেট দলে । 2019 এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পৰাজয়বৰণ সন্মুখীন হৈছিল ভাৰত । একেদৰে 2017 চেম্পিয়নছ ট্ৰফীটো ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত হৈছিল ব্লু বাহিনী ।

Team India lacks killer instinct in knockout matches, feels Gambhir

স্পৰ্টছ ডেস্ক, 13 জুনঃ ভাৰতীয় ক্ৰিকেট দলক লৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ গুৰুত্বপূৰ্ণ মন্তব্য । গম্ভীৰৰ মতে, বহু-পাৰ্শ্বীয় টুৰ্ণামেণ্টৰ নক্ আউট স্তৰত খেলাৰ সময়ত বৰ্তমানৰ ভাৰতীয় দলটোৰ মাজত বিশ্বাসৰ অভাৱ আছে । যাৰ বাবে ভাৰতীয় দলটোৱে ছেমিফাইনেল অথবা ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈ আছে বুলি উল্লেখ কৰে গম্ভীৰে ।

শেষবাৰৰ বাবে  2013 চনত আইচিচি প্ৰতিযোগিতাত জয়ী হৈছিল ভাৰত

ভাৰতে শেষবাৰৰ বাবে আইচিচি প্ৰতিযোগিতাত 2013 চনত ধোনীৰ নেতৃত্বত ইংলেণ্ডত চেম্পিয়নছ ট্ৰফী জয়ী হ'বলৈ সক্ষম হৈছিল । তাৰ পিছৰ পৰা এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পৰাজয়বৰণ সন্মুখীন হয় । ঠিক একেদৰে 2017 চেম্পিয়নছ ট্ৰফীটো ফাইনেলত পাকিস্তানৰ হাতত পৰাজয়বৰণ কৰিছিল ভাৰতে ।

এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি গম্ভীৰে কয়, মই ভাৱো আমি সম্ভৱত হেঁচা সহন কৰিব পৰা নাই । সম্ভৱত অন্যান্য দলে সেইটো সহন কৰিবলৈ সক্ষম হৈছে । তেওঁ লগতে কয়, যদি আপুনি ছেমিফাইনেল আৰু ফাইনেল মেচ সমূহ চায়, তেন্তে দলটোৱে বাস্তৱিকতে লীগ স্তৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । কিন্তু ছেমিফাইনেল আৰু নক্ আউট মেচত ভাল প্ৰদৰ্শন কৰিব পৰা নাই । এইটোৱে দলটোৰ মানসিক দৃঢ়তাক সূচাইছে ।

নক্ আউট মেচত ভাৰতীয় দলত কৰি দেখুৱাৰ প্ৰবৃত্তিৰ অভাৱ : গম্ভীৰ

গম্ভীৰে ইয়াৰ ওপৰি কয়, আমি কথা ক'ব পাৰো আমি সকলো লাভ কৰিবলৈ সক্ষম হৈছো । আমাৰ তাত বিশ্ব চেম্পিয়ন হোৱাৰ সক্ষমতা আছে । কিন্তু যেতিয়ালৈ ক্ৰিকেটৰ খেলপথাৰত অৱতীৰ্ণ নহয় বা প্ৰমাণ কৰি নেদেখুৱাই তেতিয়ালৈ আপোনাক কেতিয়াও বিশ্ব চেম্পিয়ন বুলি কোৱা নাযায় বুলি উল্লেখ কৰে ।

ভাৰতীয় দলটোৰ আইচিচি ইভেণ্ট সমূহত এটাই সমস্য়া হৈছে লীগ স্তৰৰ দলৰ গতিক নক্ আউটত নিবলৈ অসমৰ্থ হোৱা । উদাহৰণ স্বৰূপে 2019 বিশ্বকাপ বিৰাট নেতৃত্বাধীন দলটোৱে লীগ স্তৰত শীৰ্ষ স্থান দখল কৰিছিল যদিও ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল ।

গম্ভীৰৰ মতে, দ্বিপক্ষীয় আৰু লীগ স্তৰীয় মেচত আপুনি ভুল কৰাৰ সুযোগ লাভ কৰিলেও নক্ আউট মেচত ভূল কৰা মানে ঘৰলৈ উভতনি যাত্ৰা কৰা ।

গতিকে যেতিয়াই খেলত বিশ্বাসৰ কথা আহি পৰে তেতিয়াই গুৰুত্বপূৰ্ণ খেল সমূহত ভাৰতৰ মাজত সেই অভাৱ দেখা পোৱা গৈছে বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।

লগতে পঢ়কঃ অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.