স্পৰ্টছ ডেস্ক, 17 মাৰ্চ : মঙলবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) মন্তব্য কৰে যে, কৰ'ণাভাইৰাছৰ প্ৰভাৱ টি-20 বিশ্বকাপত নপৰে ৷ টি-20 বিশ্বকাপ, 2020 পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ'ব বুলি জনায় আইচিচিয়ে ৷
উল্লেখ্য যে, অষ্ট্ৰেলিয়াত 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব টি-20 বিশ্বকাপ, 2020 ৷ এক বিবৃতিৰ জৰিয়তে আইচিচিয়ে কয়, "পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই টি-20 বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছো ৷"
কৰ'ণাভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'বলগা ক্ৰীড়াক্ষেত্ৰৰ প্ৰায়ভাগ মেচেই স্থগিত ৰখা হৈছে ৷
আৰু পঢ়ক : মুম্বাই ৰে'লসেৱা বাতিল সন্দৰ্ভত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বৈঠক