ETV Bharat / sports

পুনৰ খেলপথাৰলৈ  ঘূৰি আহিব শ্ৰীশান্ত! - শ্ৰীশান্ত

উচ্চতম ন্যায়ালয়ে শ্ৰীশান্তৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা পুনৰ বিবেচনাৰ নিৰ্দেশ দিছে

খাৰিজ হ’ল শ্ৰীশান্তৰ জীৱনযোৰা নিষেধাজ্ঞা
author img

By

Published : Mar 15, 2019, 12:58 PM IST

স্পৰ্টছ ডেস্ক, 15 মাৰ্চঃপুনৰ খেলপথাৰত দেখা পাব পাৰে শ্ৰীশান্তক ।2013 চনত আই পি এলৰ স্পট ফিক্সিঙৰ অভিযোগত বিচিচিআইয়ে জীৱনজোৰা নিষেধাজ্ঞাৰ শাস্তি বিহিছিল বেগী বলাৰ শ্ৰীশান্তক ৷

শুকুৰবাৰে শ্ৰীশান্তৰ ওপৰত বিচিচিআইয়ে জাপি দিয়া জীৱনজোৰা নিষেধাজ্ঞাৰ শাস্তি বাতিল কৰে উচ্চতম ন্যায়ালয়ে ৷ শাস্তিৰ সন্দৰ্ভত পুনৰ বিবেচনাৰ নিৰ্দেশ বিচিচিআইক ৷বিচিচিআইৰ জীৱনজোৰা নিষেধাজ্ঞাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল শ্ৰীশান্তে ৷

শুকুৰবাৰে বিচিচিআইৰ জীৱনজোৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি আগন্তুক তিনিমাহৰ ভিতৰত এক বিকল্প শাস্তি বহনৰ ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে ৷ অৱশ্যে সকলো ধৰণ শাস্তিৰ পৰা ৰেহাইৰ শ্ৰীশান্তে যি আবেদন দাখিল কৰিছিল সেইয়া বাতিল কৰে ন্যায়ালয়ে ৷ এতিয়া লক্ষণীয় হ’ব আগন্তুক দিনত কি সিদ্ধান্ত গ্ৰহণ কৰিব বিচিচিআইয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.