স্পৰ্টছ ডেস্ক, ১১ মে': শনিবাৰে মহিলাৰ টি-২০ চেলেঞ্জৰ ফাইনেলত খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব ছুপাৰনভাছ বনাম ভেল'চিটি । ভেলচিটি দলৰ নেতৃত্বত মিথালী ৰাজ থকাৰ বিপৰীতে ছুপাৰনভাছ দলটোৰ নেতৃত্ববহন কৰিছে হৰমনপ্ৰীত কৌৰে । উল্লেখ্য যে, ভেলচিটি দলটোৱে ইয়াৰ পূৰ্বে ছুপাৰনভাছৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা মেচত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল ।
সম্ভাব্য একাদশ দল সমূহ হৈছে-
ছুপাৰনভাছঃহৰমনপ্ৰীত কৌৰ (অ), প্ৰিয়া পুনিয়া, চমাৰী অথাপাথথু, জেমিমাহ ৰড্ৰিগেছ, ছফি ডিভাইন, নতালী চাইবৰ, লী তাহু, তান্য়া ভাটিয়া, অনুজা পাটিল, পুনম যাদৱ, ৰাধা যাদৱ, মানসী জছি, অৰুণদ্ধতি ৰেড্ডী ।
ভেলচিটিঃ মিথালী ৰাজ (অ), হেলী মেথিয়ুজ, শেফালি বৰ্মা, ডেনিয়ল বেট, বেদা কৃষ্ণমূৰ্তি, সুষমা বৰ্মা, শিখা পাণ্ডে, জহানাৰ আলম, অমেলিয়া কেৰ, কোমল জানজাদ, একতা বিষ্ট, দেবিকা বেদ্যা, সুশ্ৰী পাৰাধান ।