ETV Bharat / sports

শ্ৰীলংকাৰ বোমা বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা ক্ৰীড়ামহলৰ - Sachin Tendulkar

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত 207 গৰাকী লোকক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ ক্ৰীড়া জগতৰ খেলুৱৈ সকলে ৷ টুইটাৰযোগে নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহত সকলৰো শীঘ্ৰেই আশু-আৰোগ্য কামনা কৰে ক্ৰীড়ামহলে

শ্ৰীলংকাৰ বোমা বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা ক্ৰীড়ামহলৰ
author img

By

Published : Apr 22, 2019, 11:05 AM IST

স্পৰ্টচ ডেস্ক, 22এপ্ৰিলঃ দেওবাৰে শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাক সমগ্ৰ বিশ্বৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দেশৰ ক্ৰীড়ামহলে ৷ বিস্ফোৰণত নিহত 207 গৰাকী লোকক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ভাৰতৰ ক্ৰীড়া জগতৰ খেলুৱৈ সকলে ৷ টুইটাৰযোগে নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহত সকলৰ শীঘ্ৰেই আশু-আৰোগ্য কামনা কৰে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলী, ছানিয়া মিৰ্জাকে ধৰি বিভিন্ন বিভাগৰ খেলুৱৈ সকলে ৷

শ্ৰীলংকাৰ বোমা বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা ক্ৰীড়ামহলৰ

উল্লেখ্য যে, দেওবাৰে চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাক জোকাৰি যায় 8টাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণে ৷ বিস্ফোৰণত 30 গৰাকী বিদেশী নাগৰিককে ধৰি 207 গৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় 400ৰো অধিক লোক ৷ অৱশ্যে বিস্ফোৰণৰ 24 ঘন্টা পাৰ হৈ যোৱাৰ পিচটো এতিয়ালৈকে কোনো সংগঠনে ইয়াৰ দায়িত্ব লোৱা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.