ETV Bharat / sports

মমতা বেনাৰ্জীৰ খবৰ ল'বলৈ উপস্থিত হ'ব সৌৰভ গাংগুলী

author img

By

Published : Mar 12, 2021, 12:42 PM IST

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নন্দীগ্ৰামত উপস্থিত হোৱাত দুৰ্বৃত্তই তেওঁৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ । চাৰি-পাঁচজন লোকে তেওঁক গাড়ীৰ ফালে থেলি দিয়াৰ লগতে জোৰকৈ দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰিথিল বুলি কয় মমতাই । বেনাৰ্জীয়ে নন্দীগ্ৰামৰ স্থানীয় মন্দিৰত আশীষ লোৱাৰ পাচত ৰেয়াপাৰাৰ সমীপৱৰ্তী বিৰুলীয়া অঞ্চলৰ পৰা উভতাৰ সময়ত বুধবাৰে প্ৰায় ৬.১৫ বজাত সংঘটিত হৈছিল এই আক্ৰমণ ।

মমতা বেনাৰ্জীৰ খবৰ ল'বলৈ উপস্থিত হ'ব সৌৰভ গাংগুলী
মমতা বেনাৰ্জীৰ খবৰ ল'বলৈ উপস্থিত হ'ব সৌৰভ গাংগুলী

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: মমতা বেনাৰ্জীৰ খবৰ ল'বলৈ কলকাতাত উপস্থিত হ'ব বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী । অৱশ্যে কেতিয়া পশ্চিমবংগত উপস্থিত হ'ব সেই বিষয়ে কোনো স্পষ্ট কৰা নাই গাংগুলীয়ে । দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ।

বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নন্দীগ্ৰামত উপস্থিত হোৱাৰ সময়তেই দুৰ্বৃত্তই তেওঁৰ ওপৰত আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে । চাৰি-পাঁচজন লোকে তেওঁক গাড়ীৰ ফালে থেলি দিয়াৰ লগতে জোৰকৈ দুৱাৰ বন্ধ কৰাৰ চেষ্টা কৰিছিল বুলি কয় মমতাই ।

উল্লেখযোগ্য যে, এই আক্ৰমণটো বুধবাৰে প্ৰায় ৬.১৫ বজাত সংঘটিত হৈছিল । বেনাৰ্জীয়ে নন্দীগ্ৰামৰ স্থানীয় মন্দিৰত আশীষ লোৱাৰ পাছত ৰেয়াপাৰাৰ সমীপৱৰ্তী বিৰুলীয়া অঞ্চলৰ পৰা উভতাৰ সময়তে চাৰি-পাঁচজন লোকে তেওঁক আক্ৰমণ কৰে । দুৰ্বৃত্তৰ আক্ৰমণত বাওঁ ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মমতা সম্প্ৰতি কলকাতাৰ এছএছকেএম চিকিৎসালয়ত চিকিৎসাধীন । সূত্ৰ অনুসৰি, তেওঁ অকল ভৰিতেই নহয়, হাত, কান্ধ আৰু ডিঙিতো আঘাতপ্ৰাপ্ত হৈছে ।

বৃহস্পতিবাৰে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনকাৰে দলৰ অন্যান্য সদস্যসকলৰ সৈতে এছএছকেএম চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় । মন কৰিবলগীয়া যে, হুইল চেয়াৰত বহি আগন্তুক পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । চিকিৎসালয়ৰ বিচনাৰ পৰাই দলৰ সকলো কৰ্মীকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় কয় যে, এই আঘাতে তেওঁক প্ৰচাৰ অভিযানত বাধা প্ৰদান কৰিব নোৱাৰিব ।

লগতে পঢ়ক: ‘ভেকোল ফৰ লোকেল’ দেশৰ স্বাধীনতা সংগ্ৰামী সকলৰ বাবে শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি: মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.