স্পৰ্টছ ডেস্ক, 14 ছেপ্তেম্বৰঃ ইংলেণ্ডৰ বিৰুদ্ধে ব্যতিক্ৰমী অভিলেখ গঢ়িবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে ৷ এটা দলৰ বিৰুদ্ধে ধাৰাবাহিক 10টা ইনিংছত অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল ষ্টিভ স্মিথ ৷ দ্য অ’ভেলত চলি থকা এছেজ শৃংখলাৰ অন্তিমখন টেষ্টত অৰ্ধশতক অৰ্জন কৰিয়ে ইংলেণ্ডৰ বিৰুদ্ধে ধাৰাবাহিক 10 টা টেষ্ট ইনিংছত অৰ্ধশতক অৰ্জন কৰা অভিলেখ গঢ়িবলৈ সক্ষম হয় স্মিথে ৷ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা অন্তিমখন টেষ্টৰ প্ৰথম ইনিংছত 80 ৰান কৰিছিল খেলুৱৈগৰাকীয়ে ৷
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় স্মিথে ৷ ইংলেণ্ডৰ বিৰুদ্ধে ইনজামাম-উল-হকৰ নামত আছিল একেৰাহে 9 টা টেষ্ট ইনিংছত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ ৷
বেটছমেন | দল | বিৰোধী | চন | ইনিংছ | স্কৰ |
ষ্টিভ স্মিথ | অষ্ট্ৰেলিয়া | ইংলেণ্ড | 2017-19 | 10 | 239, 76, 102*, 83, 144, 142, 92, 211, 82, 80 |
ইনজামাম-উল-হক | পাকিস্তান | ইংলেণ্ড | 2001-06 | 9 | 114, 85, 53, 72, 109, 100*, 97, 69, 56 |