ETV Bharat / sports

তৃতীয় টেষ্টত প্ৰত্যাৱৰ্তনৰ আশা স্মিথৰ - দ্বিতীয় টেষ্টত জফ্ৰা আৰ্চাৰৰ বলত আঘাতপ্ৰাপ্ত স্মিথ

তৃতীয় টেষ্টত প্ৰত্যাৱৰ্তনৰ আশা প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথে ৷ দ্বিতীয় টেষ্টত জফ্ৰা আৰ্চাৰৰ বলত আঘাতপ্ৰাপ্ত হৈছিল স্মিথ ৷

তৃতীয় টেষ্টত প্ৰত্যাৱৰ্তনৰ আশা স্মিথৰ
author img

By

Published : Aug 18, 2019, 11:54 PM IST

স্পৰ্টছ ডেস্ক, 18 আগষ্ট : অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথ দ্বিতীয় টেষ্টত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত অন্তিম দিনাৰ খেলৰ পৰা বাহিৰ হ'ব লগা হয় ৷ ইয়াৰ পাছতে তৃতীয় টেষ্টত প্ৰত্যাৱৰ্তনৰ ইচ্ছা প্ৰকাশ কৰিছে ক্ৰিকেটাৰ গৰাকীয়ে ৷

এই সম্পৰ্কত ষ্টিভ স্মিথে কয় যে, অহা পাঁচ - ছয় দিনত তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰা হ'ব ৷ লগতে তেওঁ আগন্তুক মেচ খন খেলিবলৈ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে ৷

উল্লেখ্য যে, দ্বিতীয় টেষ্টত ইংলেণ্ডৰ পেচাৰ জফ্ৰা আৰ্চাৰৰ এটা বলে স্মিথৰ ডিঙিত আঘাত কৰে ৷ ইয়াৰ পাছতে অন্তিম দিনাৰ খেলৰ পৰা বাহিৰ হয় অষ্ট্ৰেলিয়াৰ খেলুৱৈ গৰাকী ৷ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় এছেজ টেষ্ট আগষ্টৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব ৷

Intro:Body:Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.