স্পৰ্টছ ডেস্ক, 24 জুন : আফগানিস্তানৰ বিৰুদ্ধে হেটট্ৰিক অৰ্জন কৰিছিল ভাৰতীয় বেগী বলাৰ মহম্মদ শ্বামীয়ে ৷ বিশ্বকাপত হেটট্ৰিক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বলাৰৰ গৌৰৱ লাভ কৰিছিল শ্বামীয়ে ৷ শ্বামীৰ হেটট্ৰিকৰ ফলতেই 11 ৰানত জয়ৰ সোৱাদ লাভ কৰিছিল ভাৰতে ৷
শ্বামীৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাচতেই সংবাদমাধ্যমৰ আগত মহম্মদ শ্বামীৰ প্ৰাক্তন পত্নী হছীনা জহানৰ প্ৰতিক্ৰিয়া ৷ হছীনাই ক’লে ভাৰতীয় দলৰ হৈ ক্ৰিকেট খেলাটো সকলো খেলুৱৈৰ বাবে এক গৌৰৱৰ কথা ৷ ইয়াৰোপৰি বিশ্বকাপৰ দৰে এক ডাঙৰ মঞ্চত সুন্দৰ প্ৰদৰ্শন কৰাৰ অনুভৱ সঁচাই সুকীয়া ৷ ইয়াৰ লগতে কয়, আশা কৰিছো ভাৰতীয় দলটোৱে বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হ’ব ৷ শ্বামীৰ নাম নোলোৱাকৈয়ে হছীনাই ক’লে বিশ্বকাপৰ দৰে ডাঙৰ মঞ্চত প্ৰদৰ্শন কৰাটো এজন খেলুৱৈৰ বাবে গৌৰৱৰ বিষয় ৷ শ্বামীয়ে মেচখনত 4 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ৷