ETV Bharat / sports

বিচিচিআইৰ সৰ্বোচ্চ পদ ! ঘাত-প্ৰতিঘাতৰ মাজেৰে সৌৰভৰ যাত্ৰা

ভাৰতৰ ক্ৰিকেটৰ ইতিহাসত গাংগুলীৰ অধিনায়কত্ব কাল সাম্প্ৰতিক সময়তো অধিক মহত্বপূৰ্ণ ৷ শচীনৰ সৈতে বন্ধুত্ব আৰু চেপেলৰ সৈতে বাদ-বিবাদকে ধৰি এক নতুন ভাৰতীয় দল তৈয়াৰ কৰাৰ বাবে সদায় স্মৰণীয় গাংগুলী ৷

Saurav Gangully overall journey
author img

By

Published : Oct 15, 2019, 10:32 PM IST

Updated : Oct 15, 2019, 10:44 PM IST

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰঃ দেওবাৰে সৌৰভ গাংগুলীৰ লগতে তেওঁৰ অনুৰাগীৰ বাবে আহিল এক সুখবৰ ৷ বিচিচিআইৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত কৰা হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীক ৷ 13 অক্টোবৰত এই পদৰ বাবে নিৰ্বাচিত কৰা হয় গাংগুলীক ৷ অৱশ্যে 26 অক্টোবৰত হে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ব এই কথাৰ ৷ দায়িত্বভাৰ লাভৰ অনানুষ্ঠানিক খবৰ পাচতেই গাংগুলীয়ে এইয়া তেওঁৰ বাবে এক প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰে ৷ গাংগুলীয়ে কয় যি সময়ত মই ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিলো সেই সময়ত মেচ ফিক্সিঙৰ বিবাদত জৰ্জৰিত হৈ আছিল দলটো আৰু আজি বিচিচিআইৰ ছবি মানুহৰ মাজত ধূসৰ হোৱাৰ সময়ত অধ্যক্ষৰ পদ লাভ কৰিছো ৷

অন্তিমখন টেষ্ট মেচ গাংগুলীৰ
অন্তিমখন টেষ্ট মেচ গাংগুলীৰ

কিন্তু ভাৰতীয় খেলুৱৈগৰাকী এই যাত্ৰাত আছিল বহু প্ৰত্যাহ্বান ৷ বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট দলৰ এক মুকুতা মণি ৰূপে থিয় দিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে ৷ বহু সময়ত তেওঁৰ বহু অনুৰাগীৰ বহু আদৰৰ খেলুৱৈ হোৱাৰ বিপৰীতে বহু সময়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল খেলুৱৈগৰাকী ৷ মুঠৰ ওপৰত বহু ঘাট-প্ৰতিঘাতেৰে এই পৰ্যায় লাভ কৰিছে গাংগুলীয়ে ৷ গাংগুলীৰ ক্ৰিকেটৰ পৰা বিচিচিআইৰ অধ্যক্ষ পদৰ যাত্ৰা,তেওঁৰ অধিনায়কত্ব নিশ্চিত ভাৱে এক চিৰকালীন বিষয় ৷ আনকি শচীনৰ সৈতে তেওঁৰ বন্ধুত্ব,চেপেলৰ সৈতে বাদ-বিবাদ,এক কঠিন সময়ত ভাৰতীয় দলক সংযোজন কৰা ইত্যাদি ভূমিকাৰ বাবে গাংগুলী সদায় স্মৰণীয় ৷ 2000 চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাচতেই গাংগুলীৰ বাবে এক কঠিন প্ৰত্যাহ্বান আছিল বিদেশৰ ভূমিত দলৰ প্ৰদৰ্শন উন্নত কৰা ৷ গাংগুলীৰ কাৰ্যকালতেই ভাৰতীয় দলটোত সংযোজন হৈছিল প্ৰথম বিদেশী প্ৰশিক্ষক জন ৰাইটছ ৷ আনহাতে গাংগুলীৰ বাবেই ভাৰতীয় দলটোৱে নিৰ্ভয়ে খেলিবলৈ শিকিছিল ৷ বিৰোধীৰ পক্ষত ত্ৰাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটোৱে ৷

বিচিচিআইৰ সৰ্বোচ্চ পদত গাংগুলী
বিচিচিআইৰ সৰ্বোচ্চ পদত গাংগুলী

1992 চনত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট অভিষক ঘটিছিল গাংগুলীৰ ৷ আনহাতে ইংলেণ্ডৰ বিৰুদ্ধে 1996 চনত টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল গাংগুলীয়ে ৷ অভিষেক টেষ্ট মেচতেই শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সৌৰভ গাংগুলীয়ে ৷ ইয়াৰ পাচতে শচীন-সৌৰভৰ অপেনিং যুটিটোৱে এদিনীয়া ক্ৰিকেটত বিশ্ব ক্ৰিকেটত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ বিশ্বৰ সফল অ’পেনিং যুটিৰ ভিতৰত অন্যতম হৈছে সৌৰভ-শচীনৰ যুটি ৷ অৱশ্যে 2005 চনত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ ভূমিকাত গ্ৰেগ চেপেলে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতেই দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হৈছিল ৷ এখন শৃংখলাত দুয়োৰে মাজত মতভেদ এই পৰ্যায় পাইছিল যে, শৃংখলাৰ মাজতেই দল ত্যাগ কৰাৰ ধমকি দিছিল গাংগুলীয়ে ৷ ফলস্বৰূপে ৰাহুল দ্ৰাৱিড়ক দলৰ দায়িত্বভাৰ দিয়াৰ লগতে ৰাষ্ট্ৰীয় দলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল গাংগুলীক ৷ ইয়াৰ পাচতে এক কঠিন প্ৰত্যাহ্বানৰ মাজেৰে 2006 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত প্ৰত্যাৱৰ্তন কৰি শৃংখলাত সৰ্বাধিক ৰান কৰা খেলুৱৈ হৈছিল গাংগুলী ৷

ঘাত-প্ৰতিঘাত মাজেৰে সৌৰভৰ যাত্ৰা

ইপিনে 2007 চনত পাকিস্তানৰ বিৰুদ্ধে বেংগালুৰুত টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰিছিল সৌৰভ গাংগুলীয়ে ৷ মেচখনত গাংগুলীয়ে 239 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ যিটো তেওঁৰ টেষ্ট ক্ৰিকেট সৰ্বশ্ৰেষ্ঠ স্ক'ৰ ৷ ইয়াৰ পাচতেই 2008 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল গাংগুলীয়ে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন মেচত অৱতীৰ্ণ হৈছিল গাংগুলী ৷ ক্ৰিকেটৰ পৰা অৱসৰৰ পিচত এজন কমেণ্টেটৰৰ ভূমিকাত দেখা পোৱা গৈছিল গাংগুলীক ৷ তাৰ পিচতে জগমোহন ডালমিয়াৰ মৃত্যুৰ পাচতেই 2015 চনত বেংগল ক্ৰিকেট এশ্ব’ছিয়েচনৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল বেংগলৰ প্ৰিন্স তথা দাদা হিচাপে খ্যাত সৌৰভ গাংগুলীয়ে ৷

Intro:Body:

https://etvbharat.page.link/GczAg

Conclusion:
Last Updated : Oct 15, 2019, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.