স্পৰ্টছ ডেস্ক,15 মেঃ ক্ৰিকেট অনুৰাগীৰ মাজত ক্ৰমাৎ চৰ্চা বৃদ্ধি পাইছে পিতৃ শচীন তেণ্ডুলকাৰৰ পদাংক অনুকৰণ কৰি ক্ৰিকেট জগতলৈ অহা অৰ্জুন তেণ্ডুলকাৰৰ ৷ খেলপথাৰত বেটে-বলে সমানে পাৰদৰ্শী হৈ উঠিছে শচীন পুত্ৰ ৷
মুম্বাইত অনুষ্ঠিত টি-20 লীগত এইবাৰ আকাশ টাইগাৰ ক্লাৱৰ হৈ প্ৰতিনিধিত্ব কৰিছে 19 বছৰীয়া অৰ্জুন তেণ্ডুলকাৰ ৷ মঙলবাৰে আকাশ টাইগাৰ আৰু ট্ৰিউম্ফ নাইট দলৰ মাজত অনুষ্ঠিত মেচ খনত 5 উইকেটত জয়লাভ কৰে আকাশ টাইগাৰে ৷ উক্ত মেচ খনত অৰ্জুন তেণ্ডুলকাৰে 21 ৰাণৰ বিনিময়ত 3টা উইকেট দখল কৰাৰ লগতে 23 ৰাণৰ এক গুৰুত্বপূৰ্ণ অৱদানো আগবঢ়ায় ৷
অৰ্জুনৰ এই প্ৰদৰ্শনে দৃষ্টি আকৰ্ষণ কৰিছে ক্ৰিকেট প্ৰেমীৰ ৷ অৰ্জুনৰ প্ৰদৰ্শনক প্ৰশংসা কৰিছে বিভিন্ন জনে ৷ অৰ্জুনৰ পিতৃৰ বন্ধু তথা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীয়েও টুইটাৰ যোগে প্ৰশংসা কৰে অৰ্জুনৰ প্ৰদৰ্শনক ৷
উল্লেখযোগ্য যে,5 লাখ টকাৰ বিনিময়ত মুম্বাই টি-20 লীগৰ বাবে আকাশ টাইগাৰে দলে ক্ৰয় কৰিছিল অৰ্জুন তেণ্ডুলকাৰক ৷