স্পৰ্টছ ডেস্ক,19 অক্টোবৰ: শনিবাৰৰ পৰা ৰাঁচীত অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ এই মেচতেই বিৰাট অভিলেখ হিটমেন নামে খ্যাত ৰোহিত শৰ্মাৰ ৷ দ্বিপাক্ষিক শৃংখলাত সৰ্বাধিক ছয় মৰাৰ অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই ৷ শৃংখলাটোত 16 টা ছয় মাৰি এই অভিলেখ ৰচিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ ছিমৰণ হেটমেয়াৰৰ নামত ৷
হেটমেয়াৰে 2018/19 দ্বিপাক্ষিক শৃংখলাত বাংলাদেশৰ বিৰুদ্ধে 15 টা ছয় মাৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে 14 টা ছয়েৰে তৃতীয় স্থানত আছে ভাৰতৰ হৰভজন সিং ৷
-
🤘🤙#INDvSA pic.twitter.com/Q82AawwQOQ
— BCCI (@BCCI) October 19, 2019 " class="align-text-top noRightClick twitterSection" data="
">🤘🤙#INDvSA pic.twitter.com/Q82AawwQOQ
— BCCI (@BCCI) October 19, 2019🤘🤙#INDvSA pic.twitter.com/Q82AawwQOQ
— BCCI (@BCCI) October 19, 2019
ইপিনে এটা শৃংখলাত তিনিটাকৈ অধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় হৈছে ৰোহিত ৷ ৰোহিতৰ লগতে সুনীল গাভাস্কাৰৰ নামত আছে এই কৃতিত্ব ৷ ৰোহিতে শৃংখলাখনত তৃতীয়টো শতক অৰ্জন কৰাৰ লগতে নিজৰ টেষ্ট ক্ৰিকেটৰ ষষ্ঠটো শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে প্ৰথমে বেটিং কৰি প্ৰথম দিনৰ খেলৰ অন্তত 3 উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 224 ৰান ৷ 117 ৰান কৰি ৰোহিত শৰ্মা আৰু 83 ৰান কৰি অজ্যিংকা ৰাহানে বৰ্তমান ক্ৰীজত বৰ্তি আছে ৷
- লগতে চাওক- ‘ইটিভি ভাৰত’ক প্ৰশংসা মিছ ইণ্ডিয়াৰ