স্পৰ্টছ ডেস্ক,9 জুনঃ মাষ্টাৰ-ব্লাষ্টাৰ্ছৰ ৰেকৰ্ড ভংগ হিটমেনৰ ৷ দেওবাৰে অনুষ্ঠিত বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ খেলত 18 ৰাণ সংগ্ৰহ কৰি শচীনৰ নামত থকা অভিলেখৰ সৈতে নিজৰ নাম সন্নিবিষ্ট কৰে ৰোহিত শৰ্মাই ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 2000 ৰাণ সংগ্ৰহ কৰা ৰোহিত শৰ্মা হ'ল দ্বিতীয় জন ভাৰতীয় তথা বিশ্বৰ চতুৰ্থ গৰাকী বেটছমেন ৷
উল্লেখযোগ্য যে,40 সংখ্যক ইনিংছত শচীন তেণ্ডুলকাৰে এই অভিলেখ অৰ্জন কৰাৰ বিপৰীতে নিজৰ 37 তম্ ইনিংছত এই অভিলেখৰ গৰাকী হয় ৰোহিত শৰ্মা ৷