ETV Bharat / sports

অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ ৰবীন্দ্ৰ জাডেজা, পুনম যাদৱৰ

অৰ্জুন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজা আৰু মহিলা ক্ৰিকেট দলৰ পুনম যাদৱৰ নাম ৷ এই বছৰৰ মনোনয়নৰ তালিকাত জাডেজা আৰু যাদৱকে ধৰি সৰ্বমুঠ 19 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

author img

By

Published : Aug 18, 2019, 12:08 PM IST

ৰবীন্দ্ৰ জাডেজা, পুনম যাদৱলৈ অৰ্জুন বঁটাৰ মনোনয়ন

স্পৰ্টছ ডেস্ক, 18 আগষ্টঃ শেহতীয়াকৈ 2019 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনয়ন তালিকাত নাম সন্নিৱিষ্ট হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজা আৰু মহিলা ক্ৰিকেট দলৰ খেলুৱৈ পুনম যাদৱৰ নাম ৷ এই বছৰৰ মনোনয়নৰ তালিকাত জাডেজা আৰু যাদৱকে ধৰি সৰ্বমুঠ 19 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে অৰ্জুন বঁটাৰ নিৰ্বাচনী কমিটীয়ে চূড়ান্ত কৰে খেলুৱৈ সকলৰ নাম সমূহ ৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ কমিটী চমুকৈ বিচিচিআইয়ে এই বছৰৰ অৰ্জুন বঁটাৰ বাবে জাডেজা আৰু যাদৱৰ নাম উল্লেখ কৰে ৷

মনোনয়নৰ তালিকাত থকা আন 17 গৰাকী খেলুৱৈ হৈছে- তেজিন্দ্ৰেপাল সিং টুৰ (এথলেটিকছ), মহম্মদ আনাছ আহিয়া (এথলেটিকছ), এছ ভাস্কৰণ (শৰীৰ চৰ্চা), ছোনিয়া লাথেৰ (বক্সিং), চিংলেংচানা সিং কাংগুজাম (হকী), অজয় ঠাকুৰ (কাবাদী), গৌৰৱ সিং গিল (মটৰ স্প’ৰ্টছ), প্ৰমোদ ভাগত (বেডমিন্টন), অঞ্জুম মৌদগিল (শ্বুটিং), হাৰমিত ৰাজুল দেছাই (টেবুল টেনিছ), পুজা ধান্দা (মল্লযুঁজ), ফৌয়াদ মিৰ্জা (হৰ্ছ ৰাইডিং), গুৰপ্ৰীত সিং সান্ধু (ফুটবল), স্বপ্না বৰ্মন (এথলেটিকছ), সুন্দৰ সিং গুৰ্জৰ (এথলেটিকছ), ছাই প্ৰনীত (বেডমিন্টন), ছিমৰান সিং ছেৰগিল(প’ল’) ৷ অৰ্জুন বঁটা ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ দ্বাৰা ক্ৰীড়াক্ষেত্ৰত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈ সকললৈ আগবঢ়োৱা হয় ৷ এই বছৰৰ ৰাজীৱ গান্ধী খেলৰত্নৰ বাবে বজৰং পুনিয়া আৰু দীপা মালিকৰ নাম মনোনীত কৰা হৈছে৷

IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.