স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: ৰবিন্দ্ৰ জাডেজাৰ প্ৰশংসাত পঞ্চমুখ ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ ৷ ৰবিন্দ্ৰ জাডেজাক এই দশকৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডাৰ হিচাপে অভিহিত কৰিলে শ্ৰীধৰে ৷ এক ৱেবচাইটত উল্লেখ কৰি শ্ৰী ধৰে কয়, খেলপথাৰত ৰবীন্দ্ৰ জাডেজাৰ উপস্থিতিয়ে দলৰ মনোবল বৃদ্ধি কৰাত সহায় কৰাৰ লগতে বিৰোধী পক্ষক এক মানসিক হেঁচা প্ৰদান কৰে জাডেজাই ৷ দলত তেওঁৰ উপস্থিতি এক চমৎকাৰৰ দৰে ৷ মই ইতিহাসলৈ যাব বিচৰা নাই, কিন্তু এই দশকৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ফিল্ডাৰ হৈছে জাডেজা ৷
![ৰবিন্দ্ৰ জাডেজা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4893468_a.jpg)
বিগত কেইটামান বছৰত ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডিঙৰ ধাৰণাকলৈ যথেষ্ট পৰিৱৰ্তন দেখা পোৱা গৈছে ৷ ভাৰতীয় দলৰ খেলুৱৈৰ মাইণ্ডছেট আৰু ফিটনেছৰ বাবেই এই পৰিৱৰ্তন দেখা পোৱা গৈছে দলত ৷ যাৰ বাবে ভাৰতীয় দলটো তিনিওটা ফৰ্মেটত শক্তিশালী দল হৈছে ভাৰত ৷ ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ ফাব ডু প্লেছিছেও ভাৰতীয় দলৰ ফিল্ডিঙক লৈ মন্তব্য কৰি যথেষ্ট প্ৰশংসা কৰিছিল ৷