ETV Bharat / sports

দিল্লী কেপিটেলছত চুক্তিবদ্ধ আৰ আশ্বিন

author img

By

Published : Nov 8, 2019, 4:24 PM IST

কিংছ ইলেভেন পাঞ্জাৱ ত্যাগ কৰি দিল্লী কেপিটেলছত চুক্তিবদ্ধ আৰ আশ্বিন ৷ 7.6 কোটি টকাত আশ্বিনক ক্ৰয় দিল্লী কেপিটেলছৰ ৷

দিল্লী কেপিটেলছত চুক্তিবদ্ধ আৰ আশ্বিন

স্পৰ্টছ ডেস্ক, 8 নৱেম্বৰ: আই পি এল 2020 চনত নতুন পোছাকত দেখা পোৱা যাব ভাৰতৰ অভিজ্ঞ অফ স্পিনাৰ আৰ আশ্বিনক ৷ কিংছ ইলেভেন পাঞ্জাৱ দল ত্যাগ কৰি দিল্লী কেপিটেলছৰ সৈতে চুক্তিবদ্ধ হ’ল আৰ আশ্বিন ৷ 7.6 কোটি টকাত আশ্বিনক ক্ৰয় কৰিলে দিল্লী কেপিটেলছে ৷ আশ্বিনৰ সলনি কিংছ ইলেভেন দলটোৱে দিল্লী দলটোৰ পৰা 1.50 কোটি টকা লাভ কৰাৰ লগতে কৰ্ণাটকৰ স্পিনাৰ জগদীশ সুচিতক নিজৰ দলত অন্তৰ্ভূক্ত কৰে ৷ অৱশ্যে আশ্বিনৰ স্থানত কিংছ ইলিভেন দলটোৱে নিউজিলেণ্ডৰ ট্ৰেণ্ট বল্টক বিছাৰিছিল যদিও দিল্লী দলটোৱে এই দাবীত সন্মতি প্ৰদান নকৰে ৷

জগদীশ সুচিত
জগদীশ সুচিত

এই চুক্তিৰ পাচত কিংছ ইলেভেন পাঞ্জাৱ কৰ্তৃপক্ষই উল্লেখ কৰে,

এই চুক্তিৰ দ্বাৰা সকলো সুখী ৷ আমি সুখী, আশ্বিন সুখী লগতে দিল্লী দলটোও সুখী ৷ আমি তিনিটা দলৰ সৈতে চৰ্চা অব্যাহত ৰাখিছিলো যদিও অন্তত এই সিদ্ধান্তত উপনীত হওঁ ৷

কিংছ ইলেভেন পাঞ্জাৱ কৰ্তৃপক্ষ
কিংছ ইলেভেন পাঞ্জাৱ কৰ্তৃপক্ষ

আশ্বিনে বৰ্তমান লৈকে আই পি এলত 139 খন মেচত অংশগ্ৰহণ কৰিছে ৷ য’ত 125 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ আশ্বিনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন হৈছে 4 উইকেটৰ বিনিময়ত 34 ৰান ৷ 2016 আই পি এলৰ সংস্কৰণত এই কৃতিত্ব লাভ কৰিছিল খেলুৱৈগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.